ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই ইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে। কাইৰো দেশৰ এখন ডাঙৰ চহৰ আৰু ৰাজধানী

ক্ষিপ্ৰ তথ্য ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ جمهورية مصر العربية যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌, বৃহত্তম নগৰ ...
ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ
جمهورية مصر العربية
যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌
গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌
Thumb Thumb
ৰাষ্ট্ৰীয় সঙ্গীত
বিলাদি, বিলাদি, বিলাদি

Thumb
ইজিপ্ত-ৰ অৱস্থান
ৰাজধানীকাইৰো
30°2′N 31°13′E
বৃহত্তম নগৰ আলেকজান্দ্ৰীয়া
ৰাষ্ট্ৰভাষা (সমূহ) আৰবী
চৰকাৰ অৰ্ধ-ৰাষ্ট্ৰপতি প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি আবদেল ফাত্তাহ আল চিচি
 -  প্ৰধানমন্ত্ৰী ইব্ৰাহীম মাহলাব
প্ৰতিষ্টিত
 -  প্ৰথম ৰাজবংশ প্ৰায় ৩১৫০ BCE 
 -  স্বাধীনতা লাভ কৰিছে ফেব্ৰুৱাৰী ২৮ ১৯২২ 
 -  প্ৰজাতন্ত্ৰ ঘোষণা কৰিছে জুন ১৮ ১৯৫৩ 
 -  জাতীয় দিবস ২৩শে জুলাই (২৩শে জুলাই ১৯৫২ উদযাপন কৰাত) 
 -  জলভাগ (%) ০.৬৩২
জনসংখ্যা
 -  ২০০৯ আনুমানিক ৭,৭৪,২০,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' 
 -  ১৯৯৬ লোকপিয়ল ৫,৯৩,১২,৯১৪ 
 -  ঘনত্ব ৮২.৩ প্ৰতি বৰ্গকিমি (১২০তম)
২১৪.৪ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ $৪৭১.৫০৯ বিলিয়ন[1] (২৬তম)
 -  জনমুৰি $৬,১৪৭.১২[1] (১০১তম)
জিডিপি (নামমাত্ৰ) ২০০৯ আনুমানিক
 -  মুঠ $১৮৭.৯৫৬ বিলিয়ন[1] (৪৯তম)
 -  জনমুৰি $২,৪৫০.৪১[1] (১১৭তম)
জিনি সহগ? (১৯৯৯–০০) ৩৪.৫ (মধ্যম) 
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৭০৩[2] (মধ্যম) (১২৩তম)
মুদ্ৰা ইজিপ্তীয় পাউণ্ড (ইজিপি)
ইণ্টাৰনেট টিএলডি .eg
কলিং ক'ড +২০
1 কথিত ভাষা ইজিপ্তীয় আৰবী
বন্ধ কৰক

নামকৰণ

ইংৰাজী শব্দ Egypt গ্ৰীক ভাষা, ফৰাচী ভাষা, ইংৰাজী ভাষা আৰু আৰবী ভাষাৰ মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু মিছৰ শব্দটো আৰবী ভাষাৰ পৰা আহিছে।

ভূগোল আৰু জলবায়ু

ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু নীল নদী বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু ব-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ব-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত ছুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰা ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে ব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।[3]

কৃষি

দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।[3]

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.