From Wikipedia, the free encyclopedia
ছুৱেজ খাল (আৰবী: قناة السويس, ইংৰাজী: Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল। এই অসুবিধা দূৰ কৰিবলৈ ফ্ৰান্সৰ এজন কূটনীতিবিদ আৰু অভিযন্তা ফাৰ্ডিনাণ্ড ডি লেছেপছে (Ferdinand da Lesseps) ইজিপ্টৰ শাসনকৰ্তা ছৈয়দ পাছাক এই খাল খন্দাৰ প্ৰস্তাৱ দিয়ে। অনুমতি পোৱাৰ পাচত, এটা কোম্পানী খুলি লেছেপছে ১৮৫৯ চনৰ ২৫ এপ্ৰিলত কাম আৰম্ভ কৰিলে। ১৬৪ কিলোমিটাৰ (১০২ মাইল) দৈৰ্ঘ্য, ৮ মিটাৰ (২৬ ফুট) দ খাল খন্দাৰ কাম সমাপ্ত হোৱাৰ পাচত ১৮৬৯ চনৰ ১৭ নৱেম্বৰত এই নতুন জলপথেদি জাহাজৰ যাতায়াত আৰম্ভ হ'ল। তাৰ পাচতো মাজে মাজে এই খালটোৰ উন্নয়নৰ কাম কৰা হৈছে। বৰ্তমান এই খালটোৰ দৈৰ্ঘ্য ১৯৩.৩০ কিলোমিটাৰ (১২০.১১ মিটাৰ), গভীৰতা ২৪ মিটাৰ (৭৯ ফুট) আৰু বহল প্ৰায় ২০৫ মিটাৰ (৬৭৩ ফুট)। ১৯৫৬ চনৰ ২৬ জুনত ইজিপ্টৰ ৰাষ্ট্ৰপতি আব্দুল নাছেৰে 'ছুৱেজ খাল কোম্পানী'টোক জাতীয়কৰণ কৰে আৰু তাৰ পাচৰ পৰা ছুৱেজ খালৰ দায়িত্ব সম্পূৰ্ণভাৱে ইজিপ্টৰ চৰকাৰৰ হাতলৈ যায়।[1]
শেহতীয়াকৈ ২০১৫ চনত ছুয়েজ খালৰ এক অংশ মুকলি কৰা হয়।[2] ইয়াৰ উত্তৰৰ বন্দৰ (northern terminus ) ৰ নাম পৰ্ট ছেইদ (Port Said), য’ৰ পৰা সাগৰলৈ দুটা প্ৰধান পথ আছে। দক্ষিণৰ বন্দৰৰ নাম পৰ্ট টেউফিক (Port Tewfik)। ই ছুয়েজ মহানগৰত অৱস্থিত আৰু ইয়াৰপৰা সাগৰলৈ মূল পথ এটাই। পশ্চিমপাৰে থকা বন্দৰটো হৈছে ইছলামিয়া ( Ismailia )।[3] ২০১২ চনত মুঠ ১৭,২২৫ বাহন এই খালেৰে পাৰ হৈ যায়।[4]
ছুয়েজ খাল বাল্লাহ বাইপাছ (Ballah Bypass) আৰু গ্ৰেট বিটাৰ লেক (Great Bitter Lake) ৰ মাজেৰে পাৰ হৈ গৈছে।[5] ইয়াৰ মাজেদি সাগৰীয় পানী মুক্তভাৱে প্ৰবাহিত হৈছে।[6]
ছুয়েজ খাল ইজিপ্টত অৱস্থিত ছুয়েজ কেনেলল অথ’ৰিটি (Suez Canal Authority) ৰ দ্বাৰা পৰিচালিত[7] কনষ্টাণ্টিন’পলৰ কনভেনশ্যন (Convention of Constantinople) অনুসৰি এই খাল যুদ্ধ বা সাধাৰণ পৰিস্থিতত, যিকোনো বাণিজ্য বা যুদ্ধৰ বাহনে ব্যৱহাৰ কৰিব পাৰে ( it may be used "in time of war as in time of peace, by every vessel of commerce or of war, without distinction of flag)"[8][9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.