বাংলাদেশ
দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবংগই একেলগে এটা বঙালীভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।
বাংলাদেশ
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত আমার সোনার বাংলা মোৰ সোণৰ বাংলা |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ঢাকা | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | বঙালী | |||||
জনগোষ্ঠীসমূহ (১৯৯৮) | ৯৯% বঙালী ১% অন্যান্য[1] |
|||||
জাতীয়তাসূচক বিশেষণ | বাংলাদেশী | |||||
চৰকাৰ | সংসদীয় গণতন্ত্ৰ[2] | |||||
- | ৰাষ্ট্ৰপতি | মোহাম্মদ সাহাবুদ্দিন | ||||
- | প্ৰধানমন্ত্ৰী | শেখ হাছিনা | ||||
- | সভাধ্যক্ষ | শিৰীন শাৰমিন চৌধুৰী | ||||
- | মুখ্য ন্যায়াধীশ | ম. চৈয়দ মাহমুদ হোছেইন | ||||
স্বাধীনতা | পাকিস্তানৰ পৰা | |||||
- | স্বাধীনতা দিৱস | মাৰ্চ ২৬, ১৯৭১ | ||||
- | বিজয় দিৱস | ডিচেম্বৰ ১৬, ১৯৭১ | ||||
- | বৰ্তমানৰ সংবিধান | নৱেম্বৰ ৪, ১৯৭২[1] | ||||
মাটিকালি | ||||||
- | মুঠ | ১,৪৭,৫৭০ বৰ্গ কিমি (৯৪তম) ৫৬,৯৭৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৬.৪ (৯,৪৪৪ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৮ আনুমানিক | −১৬,১৩,৭৬,৭০৮ ২,০১৮ −১৪,২৩,১৯,০০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (অষ্টম) | ||||
জিডিপি (পিপিপি) | ২০২০ আনুমানিক | |||||
- | মুঠ | $৯১৭.৮০৫[3] (২৯তম) | ||||
- | জনমুৰি | $৫৩৫৩[3] (১৩৬ তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০২০ আনুমানিক | |||||
- | মুঠ | $৪১৬.৫ বিলিয়ন[3] (৩৯তম) | ||||
- | জনমুৰি | $২৬১০ [3] (১৪৩তম) | ||||
জিনি সহগ? (২০১৬) | ৩২.৪[4] (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০১৮) | ০.৬৩৫[5] (মধ্যম) (১৩৫তম) | |||||
মুদ্ৰা | বাংলাদেশী টাকা (BDT ) |
|||||
সময় অঞ্চল | বাংলাদেশীয় মান সময় (ইউটিচি+6) | |||||
গাড়ী চলোৱা হয় | বাওঁফালে | |||||
ISO 3166 code | BD | |||||
ইণ্টাৰনেট টিএলডি | .bd | |||||
কলিং ক'ড | +৮৮০ |
১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিচাপে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইছলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্বৰূপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে ১৯৭১ চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশৰ স্বাধীনতা-উত্তৰ সময়খিনি বিভিন্ন ৰাজনৈতিক বিশৃংখলতাৰে পৰিপূৰ্ণ। এই সময়ছোৱাত তেৰবাৰ ৰাষ্ট্ৰ পৰিচালনাৰ দল সলনি হোৱাৰ উপৰিও কমপক্ষেও চাৰিবাৰ। সামৰিক অভ্যুত্থান ঘটে।
জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুছলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুছলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলন্ততকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছৰ মৌচুমী বতাহৰ প্ৰকোপত বানপানী হয়, আৰু ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ প্ৰকোপ সাধাৰণ ঘটনা। বাংলাদেশ দক্ষিণ এচীয় আঞ্চলিক সহযোগিতা সংস্থা ছাৰ্ক আৰু বিম্ছটেক-অৰ প্ৰতিষ্ঠাতা সদস্য। ইয়াৰ উপৰিও দেশখন ওআইছি আৰু ডি-৮ৰ সদস্য।