ৱেষ্ট ইণ্ডিজ
From Wikipedia, the free encyclopedia
ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে।[1] ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।
১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেশিক অঞ্চল আছিল ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ, ডেনিচ ৱেষ্ট ইণ্ডিজ, ফৰাচী ৱেষ্ট ইণ্ডিজ আৰু স্পেনীয় ৱেষ্ট ইণ্ডিজ।
১৯১৬ত ডেনমাৰ্কে ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰক বিক্ৰি কৰে। ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জলবেষ্টিত এলেকা হ'ল, আৰু ইয়াক 'ইউনাইটেড ষ্টেট্চ্ ভাৰ্জিন আইলেণ্ড্স' বা আমেৰিকা যুক্তৰাষ্ট্ৰ কুমাৰী দ্বীপ নাম দিয়া হ'ল।
১৯৫৮ আৰু ১৯৬২ত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটিছ কুমাৰী দ্বীপ, বাহামাচ, ব্ৰিটিছ হণ্ডুৰাচ আৰু ব্ৰিটিছ গুয়ানাৰ বাহিৰে নিজৰ ৱেষ্ট ইণ্ডিজ অঞ্চলসমূহক ৱেষ্ট ইণ্ডিজ সংঘত অন্তৰ্ভুক্ত কৰে। তেওঁলোকে আশা কৰিছিলে যে সংঘটো সমবেত হ'ব এক স্বাধীন ৰাষ্ট্ৰৰ ৰূপত। পিছে সংঘটোৰ শক্তি কম আছিলে, বিভিন্ন প্ৰায়োগিক সমস্যা আৰু জনপ্ৰিয় সঁহাৰিৰ অভাৱ, ই ব্ৰিটিছসকলৰ দ্বাৰা ১৯৬৩ত দ্ৰৱীভূত হ'ল, ৯টা অঞ্চল স্বাধীন হ'ল আৰু ৪টা ব্ৰিটিছ বৈদেশিক অঞ্চল হ'ল।
ৱেষ্ট ইণ্ডিজ বা ৱেষ্ট ইণ্ডিয়া ১৭-১৮ শতিকাৰ বিভিন্ন চনদপ্ৰাপ্ত কোম্পানীৰ সমনাম আছিল, ডেনিচ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ডাট্চ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানী আৰু স্বেদিচ ৱেষ্ট ইণ্ডিয়া কোম্পানীক সামৰি।