ৱিক্স্যনেৰী
ৱিকিমিডিয়া প্ৰকল্পৰ মুক্ত অভিধান / From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পটোলৈ যাবলৈ www.wiktionary.org চাওক
ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্স্যনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্স্যনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।
ক্ষিপ্ৰ তথ্য ৱিক্স্যনেৰী, ইউ আৰ এল ...
ৱিক্স্যনেৰী | |
---|---|
soft2i | |
ইউ আৰ এল | www |
শ্লোগান | মুক্ত অভিধান |
বাণিজ্যক | নহয় |
প্ৰকাৰ | অনলাইন অভিধান |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | বহুভাষিক (১৭০ৰো বেছি) es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সমাজ |
মুকলি | ১২ ডিচেম্বৰ ২০০২; ২১ বছৰ আগত (2002-12-12) |
এলেক্সা স্থান | ৫২৬ (July 2017[update])[1] |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক
ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্স্যনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।