![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e3/Reinhard_Genzel.jpg/640px-Reinhard_Genzel.jpg&w=640&q=50)
ৰেইনহাৰ্ড গেনজেল
From Wikipedia, the free encyclopedia
ৰেইনহাৰ্ড গেনজেল (ইংৰাজী: Reinhard Genzel;[1] জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক। ইয়াৰ লগতে তেওঁ মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ এণ্ড্ৰিয়া এম. ঘেজৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচনশীল বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰে।[2][3] নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে।
ক্ষিপ্ৰ তথ্য ৰেইনহাৰ্ড গেনজেল, জন্ম ...
ৰেইনহাৰ্ড গেনজেল | |
---|---|
![]() | |
জন্ম | ২৪ মাৰ্চ, ১৯৫২ (৭২ বছৰ) বেড হমবাৰ্গ ভৰ ডেৰ হহে, পশ্চিম জাৰ্মানী (বৰ্তমান জাৰ্মানী) |
ক্ষেত্ৰ | জ্যোতিৰ্পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে |
শিক্ষানুষ্ঠান |
|
জনা যায় | অতিলোহিত জ্যোতিৰ্বিজ্ঞান উপমিলিমিটাৰ জ্যোতিৰ্বিজ্ঞান |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক