From Wikipedia, the free encyclopedia
ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চাহিব শ্ৰী ৰঞ্জিতসিংজিৰ নামেৰে, যি ৰনজি নামে পৰিচিত আছিল। প্ৰতিযোগিতাটিত বৰ্তমান ৩৮টা দলে অংশ গ্ৰহণ কৰে।
প্ৰতিযোগিতাখন প্ৰথম অনুষ্ঠিত হৈছিল ১৯৩৪ চনত দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ অব ইণ্ডিয়া নামেৰে। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ প্ৰথম মেচখন ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ আৰু মাইচুৰৰ মাজত চীপকত অনুষ্ঠিত হৈছিল।[1]প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়ন হৈছিল বোম্বাই যিয়ে চূ্ড়ান্ত মেচ খনত উত্তৰ ভাৰতক পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলো মুম্বাই (পূৰ্বৰ বোম্বাই)। মুম্বাইয়ে বৰ্তমানলৈকে ৪১ বাৰ খিতাপ দখল কৰিছে।
বৰ্তমানৰ ৩৮টা দল হৈছে:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.