১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।[1]
ক্ষিপ্ৰ তথ্য ভোটদানৰ হাৰ, দল ...
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
![ভাৰত](//upload.wikimedia.org/wikipedia/commons/thumb/4/41/Flag_of_India.svg/50px-Flag_of_India.svg.png)
|
|
|
|
|
বন্ধ কৰক
ইন্দিৰা গান্ধীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সপক্ষে সহানুভূতিৰ ঢৌ বৈছিল। যাৰ ফল দেখা গৈছিল এই নিৰ্বাচনটোত। ১৯৮৪ চনত হোৱা নিৰ্বাচনত দলটোৱে ৫১৪খনৰ ভিতৰত ৪০৪খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৫ চনত পাঞ্জাব আৰু অসমত পলমকৈ অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছে আৰু ১০খন আসন লাভ কৰিছিল। এন টি ৰামাৰাও নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দল তেলেগু দেশমে লোকসভাৰ ৩০খন আসন পাই দ্বিতীয় স্থানত অৱস্থান কৰিছিল।[2]
প্ৰথমবাবৰৰ বাবে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নৱগঠিত ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৮৪ৰ সাধাৰণ নিৰ্বাচনত হনামকোণ্ডা আৰু মহচানা – এই দুখন লোকসভা আসনত বিজয়ী হৈছিল।[2]