হোমিঅ’পেথি
From Wikipedia, the free encyclopedia
হোমিঅ’পেথি(ইংৰাজী: Homeopathy, i/ˌhoʊmiˈɒpəθi/ ৰ ব্যৱহাৰ পৃথিৱীৰ সকলো ঠাইতে হোৱা দেখা যায়। যথেষ্ট নিৰাপদ আৰু ৰোগ নিৰাময়ৰ গুণৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি ঘৰতে ইয়াৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। এটা থূলমূল অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতবৰ্ষৰ শতকৰা ১০ শতাংশ লোকে তেওঁলোকৰ স্বাস্থ্য যত্নৰ প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে হোমিঅ’পেথিৰ ওপৰতে নিৰ্ভৰ কৰে। আনহাতে সমগ্ৰ দেশত হোমিঅ’পেথি জনপ্ৰিয়তাৰ ফালৰ পৰা দ্বিতীয় স্থান অধিকাৰ কৰিছে।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
Alternative medicine | |
Samuel Hahnemann, originator of homeopathy | |
Claims | "Like cures like", dilution increases potency, disease caused by miasms. |
---|---|
Related fields | Chemistry, Medicine |
Year proposed | 1796 |
Original proponents | Samuel Hahnemann |
Subsequent proponents | James Tyler Kent, Royal S. Copeland, George Vithoulkas |
MeSH | D006705 |
See also | Humorism, heroic medicine |
আজিৰ পৰা ডেৰ শতিকাৰ আগৰে পৰাই ভাৰতবৰ্ষত হোমিঅ’পেথিৰ প্ৰচলন হৈছিল। দেশত চলি থকা পৰম্পৰাগত ঔষধ আৰু গছৰ শিপাৰ মিশ্ৰণ কৰি প্ৰস্তত কৰা এই ঔষধ ৰাষ্ট্ৰীয় ঔষধ পদ্ধতিসমূহৰ ভিতৰত স্থান পাইছে আৰু এক বৃহৎ সংখ্যক লোকক স্বাস্থ্য যত্ন প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰোগীৰ মানসিক, আবেগিক, আধ্যাত্মিক আৰু শাৰীৰিক স্তৰৰ সকলো দিশ সামগ্ৰিকভাৱে লৈ ৰোগ নিৰাময়ৰ প্ৰচেষ্টা কৰাৰ ফলতেই ইয়াৰ কাৰ্য্যকৰীতাৰ প্ৰমাণ পোৱা যায়।
‘হোমিঅ’পেথি’ নামটো দুটা গ্ৰীক শব্দ লগ লাগি সৃষ্টি হৈছে। ‘হোমইছ’ আৰু ‘পেথছ’। হোমইছ ৰ অৰ্থ হ’ল অনুৰোগ আৰু পেথছৰ অৰ্থ হ’ল ভোগা। হোমিঅ’পেথিৰ সহজ অৰ্থ হ’ল ৰোগটোক এনেধৰণৰ ঔষধ কম পৰিমাণত প্ৰদান কৰা হয় যিয়ে স্বাস্থ্যৱান লোকক সেই পৰিমাণৰ ঔষধ প্ৰদান কৰিলে ৰোগীৰ দৰে লক্ষণসমূহ ফুটি উঠিব। এইটো প্ৰাকৃতিক নিৰাময়ৰ নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। অৰ্থাৎ বিষেৰে বিষ নাশ কৰাৰ দৰে কথা। ১৯ শতিকাৰ আৰম্ভণিতে ডাঃ চামুৱেল হ্যানিমেনে ইয়াৰ বৈজ্ঞানিক ভিত্তি আগবঢ়াইছিল। ইয়াৰ জৰিয়তে দুটা শতিকাৰো অধিক কাল মানৱ জাতিক সেৱা আগবঢ়োৱাৰ পিছত আকস্মিকভাৱে সময়ৰ বিৰাট পৰিৱৰ্তন আহে আৰু ই সময়সাপেক্ষ চিকিৎসা বুলি জনাজাত হয়। ডাঃ হ্যানিমেনে ইয়াক প্ৰাকৃতিক আৰু ভালদৰে পৰিক্ষীত বিজ্ঞানসন্মত মূল ব্যাখ্যা আগবঢ়োৱাৰ ফলতেই আজিও সফলভাৱে এই চিকিৎসা সফল হৈ আছে।