হেঙুল আৰু হাইতাল
ৰঞ্জক পদাৰ্থ / From Wikipedia, the free encyclopedia
হেঙুল আৰু হাইতাল অসমত অতীজৰে পৰা ব্যৱহৃত দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ।[1] অসমীয়া সংস্কৃতিৰ লগত হেঙুল আৰু হাইতাল বিশেষভাৱে জড়িত। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া। সাধাৰণতে খনিৰ পৰা বিশেষ উপায়েৰে শোধিত কৰি হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। সত্ৰীয়া সংস্কৃতিত এই দুয়ো ৰঞ্জকৰ গুৰুত্ব অপৰিসীম। ভাওনাত ভাৱৰীয়াৰ ৰূপসজ্জা, মুখা, সাঁচিপাত আদিত ব্যৱহাৰ কৰাৰ লগতে সত্ৰৰ সিংহাসন, কাঠৰ আচবাব আৰু প্ৰতিমা, দুৱাৰৰ চতি অলংকৃত কৰা ইত্যাদি কামত হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। তদুপৰি হেঙুল আৰু হাইতালৰ সংৰক্ষণ গুণ আৰু পোক-পতংগৰ পৰা ৰক্ষা কৰিব পৰা গুণৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।[2]