সৰস্বতী সন্মান
ভাৰতীয় সাহিত্য পুৰস্কাৰ / From Wikipedia, the free encyclopedia
সৰস্বতী সন্মান (ইংৰাজী: Saraswati Samman) হৈছে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাৰ যিকোনো এটাত লিখিত শ্ৰেষ্ঠ কাব্য বা গদ্যৰ বাবে প্ৰদান কৰা এক উল্লেখযোগ্য সাহিত্য পুৰস্কাৰ।[1][2] হিন্দু ধৰ্মৰ জ্ঞানৰ দেৱী সৰস্বতীৰ নামেৰে এই বঁটাৰ নামাকৰণ কৰা হৈছে।[2]
ক্ষিপ্ৰ তথ্য সৰস্বতী সন্মান, পৃষ্ঠপোষক ...
সৰস্বতী সন্মান | |
---|---|
পৃষ্ঠপোষক | কে কে বিৰলা ফাউণ্ডেচন[1] |
তাৰিখ | ১৯৯১ |
অৱস্থান | দিল্লী |
দেশ | ভাৰত |
পুৰস্কাৰ | ₹ ১৫,০০,০০০ |
শেহতীয়া বিজয়ী | শিৱশংকৰী |
শ্ৰেষ্ঠাংশ | |
মুঠ প্ৰাপক | ৩২ |
প্ৰথম বিজয়ী | হৰিবংশ ৰায় বচ্চন |
বন্ধ কৰক
কে কে বিৰলা ফাউণ্ডেচনে ১৯৯১ চনৰপৰা এই বঁটা প্ৰদানৰ আনুষ্ঠানিকতা আৰম্ভ কৰে। এই বঁটাৰ অংশ ৰূপে ১৫,০০,০০০ নগদ টকাৰে[3] সৈতে এখন প্ৰমাণ পত্ৰ আৰু এটি ফলক প্ৰদান কৰা হয়।[1][2][4] বিদগ্ধ পণ্ডিত আৰু প্ৰাক্তন বঁটা বিজয়ীৰে গঠিত এখন নিৰ্বাচনী সমিতিয়ে বঁটাৰ বাবে মনোনীত প্ৰাৰ্থী গৰাকীক বিগত দহ বছৰত প্ৰকাশিত তেওঁৰ সাহিত্য কৰ্মৰ ভিত্তিত এই বঁটাৰ বাবে নিৰ্বাচন কৰে। এই বঁটাৰ আৰম্ভণি স্বৰূপে প্ৰথমটো পুৰস্কাৰ হৰিবংশ ৰায় বচ্চনক চাৰিটা খণ্ডত প্ৰকাশিত তেওঁৰ আত্মজীৱনীৰ বাবে প্ৰদান কৰা হৈছিল। [5]