![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/55/Sarnaism_flag.svg/langas-640px-Sarnaism_flag.svg.png&w=640&q=50)
সৰনা ধৰ্ম
From Wikipedia, the free encyclopedia
সৰনাবাদ বা সৰনা ধৰ্ম ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এক ধৰ্মীয় বিশ্বাস।[2] এই বিশ্বাস ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশা ৰাজ্যৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ সৰনাত অৱস্থিত পবিত্ৰ গছৰ জোপাৰ পূজাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।[3] স্থানীয় বিশ্বাস অনুযায়ী সৰনাত গ্ৰাম দেওতি বা গাঁৱৰ এক দেৱতাই বাস কৰে। এই ঠাইত বছৰত দুবাৰকৈ উছৰ্গা আগবঢ়োৱা হয়। তেওঁলোকৰ বিশ্বাস পদ্ধতিক বিকল্পভাৱে "পবিত্ৰ অৰণ্যৰ ধৰ্ম" বুলিও জনা যায়। [4] বহুতো জনজাতীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক সুকীয়া ধৰ্মীয় শ্ৰেণী হিচাপে ইয়াৰ স্বীকৃতি বিচাৰে।[5]
ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল ...
![]() সৰনা ধৰ্মধ্বজ | |
![]() চাওঁতালসকলে ব্যৱহাৰ কৰা সৰনাবাদৰ চিহ্ন | |
মুঠ জনসংখ্যা | |
---|---|
প্ৰায় ৭৮,৪১,৮৭০ - ৯৩,৪১,৮৭০[1] | |
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
![]() ![]() ![]() ![]() | |
ঝাৰখণ্ড | ৪২,২৩,৫০০ |
পশ্চিম বংগ | ২৫,১২,৩৩১ |
বিহাৰ | ১৩,৪৯,৪৬০ |
ছত্তীসগঢ় | ৭,৬৮,৯১০ |
উৰিষ্যা | ৪,৭৮,৩১৭ |
![]() |
৫,০০,০০০ |
বন্ধ কৰক