স্বৰাজ ভৱন, এলাহাবাদ
From Wikipedia, the free encyclopedia
স্বৰাজ ভৱন হ'ল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল।
১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম এই ভৱনতেই হৈছিল। বৰ্তমান এই ভৱনটোক এটা সংগ্ৰাহলয়ৰ ৰূপ দিয়া হৈছে।