সাঁচিগছ
From Wikipedia, the free encyclopedia
সাঁচিগছ : (Aquilaria malaccensis) সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ। কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। ইয়াক সাঁচিপাত বোলে। এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধৰে। ভিতৰৰ সাৰ তেল-ক'লীয়া বৰণৰ আৰু তাক আগৰ-কাঠ বোলে। সাঁচিগছক অসমত অগৰু গছ বুলিও কয়। ই এক মাঝাৰি ধৰণৰ চিৰসেউজ বৃক্ষ। উচ্চতা সাধাৰণতে ৬০ ৰ পৰা ৮০ ফুট মান হয়। বৰ্গ: Malvales, পৰিয়াল: Thymelaeaceae, গণ: Aquilaria। অন্যান্য স্থানীয় নামৰ ভিতৰত Agor, Oudh, Eagle Wood, Aloe Wood, Aguruh, Krissana, Gaharu, Chen-xiang, Jin-koh আদি উল্লেখযোগ্য।
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ক্ষিপ্ৰ তথ্য সাঁচিগছ, সংৰক্ষণ স্থিতি ...
সাঁচিগছ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malvales |
পৰিয়াল: | Thymelaeaceae |
গণ: | Aquilaria |
প্ৰজাতি: | A. malaccensis |
বৈজ্ঞানিক নাম | |
Aquilaria malaccensis Lamk. | |
সমাৰ্থক | |
A. agallocha[1][2], |
বন্ধ কৰক