![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/27/Sambalpuri_speaking_areas.png/640px-Sambalpuri_speaking_areas.png&w=640&q=50)
সম্বলপুৰী ভাষা
From Wikipedia, the free encyclopedia
সম্বলপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি উৰিষ্যাৰ পশ্চিম ভাগত কথিত। এই ভাষাক পশ্চিমীয়া ওড়িয়া আৰু কোসালী নামেৰেও জনা যায়।[5] কোসালী এটি নতুনকৈ জনপ্ৰিয় হৈ উঠা নাম, যি বিবাদাস্পদ, কাৰণ ই ঐতিহাসিক দক্ষিণ কোসল অঞ্চলৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে, যি অঞ্চলত বৰ্তমানৰ সম্বলপুৰ অঞ্চলো আছিল।[6]
ক্ষিপ্ৰ তথ্য Sambalpuri, থলুৱা অঞ্চল ...
Sambalpuri | |
---|---|
Western Odia | |
ওড়িয়া: ସମ୍ବଲପୁରୀ | |
![]() 'Sambalpuri' in Odia script | |
থলুৱা অঞ্চল | India |
অঞ্চল | Western Odisha |
স্থানীয় ভাষিক |
সাঁচ:Sigfig million (2011 census)[1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Odia[2][3][4] |
ভাষা সংকেত | |
ISO 639-3 | spv |
![]() Sambalpuri speaking areas(dialect continuum in green) in Odisha and Chhattisgarh |
বন্ধ কৰক
এই প্ৰবন্ধটোত কিছু বিশেষ আখৰ আছে। কোনো সঠিক সহায়ৰ অভাৱত, আপুনি সেইবোৰৰ সলনি প্ৰশ্নবোধক চিন, বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
সম্বলপুৰী ভাষী লোকে সাধাৰণতে সম্বলপুৰীক এক পৃথক ভাষা হিচাপে চায়, যদিও বাহিৰৰ লোকে প্ৰায় ইয়াক ওড়িয়া ভাষাৰ উপভাষা গণ্য কৰে।[7] সম্বলপুৰী ভাষী লোকে আনুষ্ঠানিক কামৰ বাবে ওড়িয়া ব্যৱহাৰ কৰে।[8] ২০০৬ চনৰ এক সমীক্ষাৰ মতে, সম্বলপুৰী আৰু মানক ওড়িয়াৰ শব্দসম্ভাৰত ৭৫% সামঞ্জস্য আছে।[9]