ষ্ট'নহেঞ্জ
From Wikipedia, the free encyclopedia
ষ্ট'নহেঞ্জ (ইংৰাজী: Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে। সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল। এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে। ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীকে ধৰি গ্ৰহবোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়। গ্ৰীষ্ম আৰু শীত, দুয়ো ঋতুতে সূৰ্য আৰু চন্দ্ৰৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে। সম্ভৱতঃ প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল। সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়।[1]
ষ্ট'নহেঞ্জ, আৱেবেৰি আৰু সংশ্লিষ্ট চাইটসমূহ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | যুক্তৰাজ্য |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | i, ii, iii |
উদ্ধৃতি | 373 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | ইউৰোপ আৰু উত্তৰ আমেৰিকা |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৬ (১০ম অধিবেশন) |