![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/49/MCA_Territory_Infarct.svg/langas-640px-MCA_Territory_Infarct.svg.png&w=640&q=50)
ষ্ট্ৰ'ক
মগজুত সীমিত ৰক্ত প্ৰৱাহৰ ফলত মগজু কোষৰ মৃত্যু হোৱা / From Wikipedia, the free encyclopedia
ষ্ট্ৰ'ক (ইংৰাজী: stroke; চেৰেব্ৰ'ভাছকুলাৰ এক্সিডেণ্ট (CVA), চেৰেব্ৰ'ভাছকুলাৰ ইনছাল্ট (CVI), অথবা মস্তিষ্ক আক্ৰমণ বুলিও কোৱা হয়) হৈছে মগজুত সীমিত ৰক্ত প্ৰৱাহৰ ফলত মগজু কোষৰ মৃত্যু হোৱা। ষ্ট্ৰ'ক প্ৰধানকৈ দুই প্ৰকাৰৰ: ইচচেমিক, ৰক্ত প্ৰৱাহৰ অভাৱ ঘটিলে হয়, আৰু হিম'ৰেজিক, ৰক্তক্ষৰণৰ বাবে হয়। ইয়াৰ ফলত মগজুৰ কাৰ্যক্ষমতা নাইকিয়া হয়।[1] ষ্ট্ৰ'কৰ চিহ্ন আৰু লক্ষণবোৰ হৈছে, দেহৰ এটা ফালৰ সঞ্চালন আৰু সংবেদন ক্ষমতাৰ নিষ্ক্ৰিয়তা, বোধ আৰু বাক ক্ষমতাৰ সমস্যা, পৃথিৱীখন ঘূৰি থকা যেন লগা, অথবা অন্য দিশৰ তুলনাত কোনো এটা দিশৰ দৰ্শন ক্ষমতা লুপ্ত হোৱা।[2][3] সাধাৰণতে ষ্ট্ৰ'কৰ লগে লগেই এই লক্ষণবোৰে দেখা দিয়ে। যদি এই লক্ষণবোৰ কেৱল এঘণ্টা বা দুঘণ্টা মানহে থাকে, তেতিয়া ইয়াক ট্ৰাণছিয়েণ্ট ইচচেমিক এট্ৰেক (TIA) বুলি কোৱা হয়।[3] হিম'ৰেজিক ষ্ট্ৰ'কত মূৰৰ বিষো হ'ব পাৰে।[3] ষ্ট্ৰ'কৰ লক্ষণবোৰ স্থায়ী ৰূপো ধাৰণ কৰিব পাৰে।[1] দীৰ্ঘ ম্যাদী ষ্ট্ৰ'কৰ ফলত নিউম'নিয়া বা ব্লাডাৰৰ নিয়ন্ত্ৰণ নষ্ট হ'ব পাৰে।[3]
ষ্ট্ৰ'ক | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() মগজুৰ চিটি স্কেনত সোঁ-ফালৰ ইচচেমিক ষ্ট্ৰ'ক দেখা গৈছে। | |
আই.চি.ডি.-10 | I61-I64ner |
আই.চি.ডি.-9 | 434.91 |
OMIM | 601367 |
ডিজিজেছ ডে'টাবে'ছ | 2247 |
মেডলাইন প্লাছ | 000726 |
ইমেডিচিন | neuro/9 emerg/558 emerg/557 pmr/187 |
MeSH | D020521 |
ষ্ট্ৰ'কৰ এটা প্ৰধান কাৰক হৈছে উচ্চ ৰক্ত চাপ।[4] অন্য কাৰণবোৰ হৈছে ধপাত সেৱন, মেদবহুলতা, তেজত মাত্ৰাধিক ক'লেষ্টেৰ'ল, মধুমেহ, পূৰ্ৱৰ TIA আদি।[2][4] ৰক্তবাহিকাত হোৱা অৱৰোধৰ বাবে ইচচেমিক ষ্ট্ৰ'ক হয়।[5] মগজুত পোনপতীয়াকৈ অথবা মগজুৰ চাৰিও কাষে হোৱা ৰক্তক্ষৰণৰ বাবে হিম'ৰেজিক ষ্ট্ৰ'ক হয়।[5][6] মগজুৰ চি টি স্কেন, এম আৰ আই স্কেন আৰু অন্য শাৰীৰিক পৰীক্ষাৰ দ্বাৰা ইয়াক নিশ্চিত কৰা হয়। ইলেক্ট্ৰ'কাৰডিঅ'গ্ৰাম (ECG) আৰু তেজ পৰীক্ষা কৰি ইয়াৰ প্ৰধান আৰু সম্ভাৱনীয় কাৰকবোৰ নিৰ্ণয় কৰা হয়। নিম্ন ৰক্ত চাপতো একে লক্ষণে দেখা দিব পাৰে।[7]
কাৰকবোৰৰ সক্ৰিয়তা কম কৰাৰ লগতে এছিৰিণ, ষ্টেটিনছ, ধমনীৰ অৱৰোধ নাইকিয়া কৰিবলৈ শল্য চিকিৎসা আদিৰ দ্বাৰা ষ্ট্ৰ'ক নিৰাময় কৰা হয়।[2] ষ্ট্ৰ'কত প্ৰায়ে জৰুৰীকালীন শুশ্ৰূষাৰ প্ৰয়োজন হয়।[1] তিনিৰ পৰা চাৰে চাৰি ঘণ্টাৰ ভিতৰত ধৰা পৰা ইচচেমিক ষ্ট্ৰ'ক, তেজৰ চেঁকুৰা ভাঙিবৰ বাবে কৰা চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি। এছপিৰিন ব্য হাৰ কৰা উচিত। কিছুমান হিম'ৰেজিক ষ্ট্ৰ'ক অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰিব পাৰি।
২০১০ চনত প্ৰায় ১৭ নিযুত লোকৰ ষ্ট্ৰ'ক হৈছিল আৰু ৩৩ নিযুত লোকৰ আগৰে পৰাই ষ্ট্ৰ'ক আছিল আৰু এই লোকসকল এতিয়াও জীৱিত। ১৯৯০ আৰু ২০১০ চনৰ ভিতৰত উন্নত বিশ্বত বছৰি ষ্ট্ৰ'ক হোৱা লোকৰ সংখ্যা ১০% হ্ৰাস পাইছে আৰু উন্নয়নশীল বিশ্বত এই সংখ্যা প্ৰায় ১০% বৃদ্ধি পাইছে।[8] ২০১৩ চনত পৃথিৱীত মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হিচাপে ষ্ট্ৰ'কক চিনাক্ত কৰা হৈছিল; ইয়াৰ ফলত প্ৰায় ৬.৪ নিযুত লোকৰ (সৰ্বমুঠ মৃত্যুৰ ১২%) মৃত্যু হৈছিল।[9] প্ৰায় ৩.৩ নিযুত লোক ইচচেমিক ষ্ট্ৰ'কৰ বাবে আৰু প্ৰায ৩.২ নিযুত লোক হিম'ৰেজিক ষ্ট্ৰ'কৰ বাবে মৃত্যু হৈছিল।[9] ষ্ট্ৰ'ক হোৱা লোকৰ প্ৰায় আধা সংখ্যক লোক এবছৰতকৈও কম সময়হে জীয়াই থাকে।[2] সমগ্ৰ ষ্ট্ৰ'কত আক্ৰান্ত লোকৰ দুই তৃতীয়াংশ লোক ৬৫ বছৰতকৈ অধিক বয়সৰ।[8]