হিন্দু দৰ্শনৰ ৬ মুখ্য আস্তিকৰ ভিতৰত অন্যতম From Wikipedia, the free encyclopedia
যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।[1][2] প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত।[1][3] যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।[4][5] পতঞ্জলীৰ যোগ সূত্ৰসমূহ এই দাৰ্শনিক ধাৰাৰ মূল লেখৰ অন্যতম।[6]
সাংখ্য দৰ্শনৰ দৰেই যোগ দৰ্শনতো ৬ প্ৰমাণ গ্ৰহণযোগ্য।[7] প্ৰত্যক্ষ, অনুমান আৰু শব্দ এই প্ৰমাণসমূহৰ অন্যতম।[8][9] যোগ দৰ্শনৰ অধিবিদ্যা সাংখ্য দৰ্শনৰ দৰেই দ্বৈতবাদী।[6] সাংখ্য আৰু যোগ দৰ্শনত ব্ৰহ্মাণ্ড দুই বাস্তৱতাৰে গঠিত- পুৰুষ (চেতনা) আৰু প্ৰকৃতি। জীৱ এনে এক অৱস্থা য'ত পৰুষ কোনো ৰূপত প্ৰকৃতিৰে বান্ধ খাই থাকে, ভিন্ন তত্ত্ব, অনুভৱ, কৰ্ম, মন আদিৰ মিশ্ৰণ ৰূপে।[10] ভাৰসাম্যহীন অৱস্থাত, কোনো এক অংশ আন অংশসমূহতকৈ অধিক প্ৰভাৱশালী হৈ পৰে, এক বান্ধোনৰ সৃষ্টি হয়। এই বান্ধোনৰ অন্তই মোক্ষ। [11] যোগ দৰ্শনৰ নীতিশাস্ত্ৰ সাংখ্য দৰ্শনৰ গুণৰ ধাৰণাৰ লগতে যম আৰু নিয়মৰ ওপৰত আধাৰিত।[6]
যোগ দৰ্শন আৰু সম্বন্ধিত ঈশ্বৰহীন সাংখ্য দৰ্শনৰ মাজৰ পাৰ্থক্য ই যে যোগ দৰ্শনত এক "ব্যক্তিগত, কিন্তু নিষ্ক্ৰিয়, আৰাধ্য" বা "ব্যক্তিগত ঈশ্বৰ"ৰ ধাৰণাক স্থান দিয়া হয়।[12][13][14] তদুপৰি, সাংখ্য দৰ্শনানুযায়ী, মোক্ষ প্ৰাপ্তিৰ বাবে জ্ঞান পৰ্যাপ্ত, কিন্তু যোগ দৰ্শনানুযায়ী সাংখ্য দৰ্শনে গুৰুত্ব দিয়া জ্ঞানৰ লগতে ব্যৱস্থিত পদ্ধতি আৰু অভ্যাস, বা ব্যক্তিগত পৰীক্ষণৰ সংমিশ্ৰণ মোক্ষ প্ৰাপ্তিৰ পথ।[6] যোগ দৰ্শন আৰু অদ্বৈত বেদান্তৰ মাজতো সামঞ্জস্য দেখা যায়। পিচে যোগ দৰ্শন পৰীক্ষামূলক ৰহস্যবাদহে।[15][16][17] অদ্বৈত বেদান্তৰ লগতে আনা আন হিন্দু দৰ্শনেও যোগ দৰ্শনক স্বীকৃতি প্ৰদান কৰে, গ্ৰহণ কৰে আৰু এই দৰ্শনৰ কেইবাটাও শিক্ষাৰ ওপৰত ভিত্তি কৰি অনেক কৰ্ম কৰিছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.