![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e7/Yash_Chopra_2012.jpg/640px-Yash_Chopra_2012.jpg&w=640&q=50)
য়শ চোপ্ৰা
ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক / From Wikipedia, the free encyclopedia
য়শ ৰাজ চোপ্ৰা (২৭ ছেপ্টেম্বৰ ১৯৩২ - ২১ অক্টোবৰ ২০১২)[1]) এজন হিন্দী বোলছবিৰ লগত জড়িত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই আই এছ জোহৰ আৰু জ্যেষ্ঠ ভাতৃ বি আৰ চোপ্ৰাৰ সহকাৰী পৰিচালকৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৫৯ চনত অবৈধতা বিষয়ক মেল'ড্ৰামা ধুল কা ফুল ছবিৰে তেখেতে পৰিচালকৰূপে খোজ দিয়ে আৰু ১৯৬১ চনত সামাজিক কাহিনীৰে ধৰ্মপুত্ৰ পৰিচালনা কৰে। প্ৰথম দুখন ছবিৰ সফলতাত উদ্বুদ্ধ হৈ চোপ্ৰা ভাতৃদ্বয়ে পঞ্চাশৰ দশকৰ পিছৰফালে আৰু ষাঠীৰ দশকত কেইবাখনো বোলছবি নিৰ্মাণ কৰে। ভাল ব্যৱসায় কৰা আৰু সমালোচকৰ দ্বাৰাও প্ৰশংসিত ৱক্ত (১৯৬৫), বোলছবিৰে য়শ চোপ্ৰাই সুনাম অৰ্জন কৰে।
য়শ চোপ্ৰা | |
---|---|
![]() | |
জন্ম | ২৭ ছেপ্টেম্বৰ, ১৯৩২ লাহোৰ,(ব্ৰিটিছ ভাৰত) |
মৃত্যু | ২১ অক্টোবৰ, ২০১২ (৮০ বছৰ) মুম্বাই |
পেচা | পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ, প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯৫৯-২০১২ |
দাম্পত্যসঙ্গী | পামেলা চোপ্ৰা (১৯৭০-২০১২) |
সন্তান | আদিত্য চোপ্ৰা উদয় চোপ্ৰা |
আত্মীয়-স্বজন | বি আৰ চোপ্ৰা (ভাতৃ) ধৰম চোপ্ৰা (ভাতৃ) |
স্বাক্ষৰ | |
![]() |
১৯৭৩ চনত য়শ চোপ্ৰাই তেখেতৰ নিজা প্ৰযোজনা প্ৰতিষ্ঠান য়শ ৰাজ ফিল্মছ মুকলি কৰে আৰু প্ৰথমে দাগ:এ প'এম অৱ লাভ (১৯৭৩) নামৰ এখন সফল ছবি নিৰ্মাণ কৰে। সত্তৰৰ দশকতো তেখেতৰ সফলতা অব্যাহত থাকে। সেইসময়ৰ তেখেতৰ কিছুমান জনপ্ৰিয় ছবি হৈছে অমিতাভ বচ্চনক বলিউডৰ "খঙাল যুৱক"ৰূপে প্ৰতিষ্ঠা কৰা এক্ছন থ্ৰিলাৰ দীৱাৰ (১৯৭৫), ৰোমাণ্টিক ছবি কভি কভি (১৯৭৬) আৰু ত্ৰিশূল (১৯৭৮)। আশীৰ দশকত তেখেতে পৰিচালনা আৰু প্ৰযোজনা কৰা কেইবাখনো ছবি যেনে-চিলচিলা (১৯৮১), মছাল (১৯৮৪) আৰু বিজয় (১৯৮৮)য়ে আশানুৰূপ সঁহাৰি পোৱাত ব্যৰ্থ হয়। কিন্তু ১৯৮৯ চনত তেখেতে উচ্চ প্ৰশংসিত ব্যৱসায়িকভাৱে সফল ছবি চান্দনী পৰিচালনা কৰে যিখনে হিংসাত্মক ছবিৰ ধাৰাৰ বিপৰীতে হিন্দী ছবিলৈ পুনৰ সংগীতৰ জোৱাৰ আনে।
১৯৯১ চনত চোপ্ৰাই প্ৰযোজনা-পৰিচালনা কৰা লম্হে ছবিখনক সমালোচক আৰু তেখেতে নিজে তেখেতৰ শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰে। ইয়াৰ পিছত তেখেতে পৰম্পৰাগত নায়কৰ ৰূপ সলাই শ্বাহৰুখ খানৰ অভিনয়েৰে আৰু অব্চেছিভ প্ৰেমৰ কাহিনীৰে ডৰ্ (১৯৯৩) নিৰ্মাণ কৰে। তাৰ পিছত তেখেতে শ্বাহৰুখ খানকে নায়ক হিচাপে লৈ তিনিখন ৰোমাণ্টিক বোলছবি পৰিচালনা কৰে- দিল ত' পাগল হেই (১৯৯৭), বীৰ-জাৰা (২০০৪) আৰু জব তক হেই জান (২০১২)। ২০১২ চনত তেখেতৰ আশীতম জন্মদিনত তেখেতে চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰে।[2]
চোপ্ৰাৰ কৰ্মজীৱন পাঁচটা দশক আৰু পঞ্চাশতকৈও অধিক বোলছবি জুৰি বিয়পি আছিল। ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এঘাৰটা ফিল্মফেয়াৰ বঁটাকে ধৰি তেখেতে বহুতো চলচ্চিত্ৰ সন্মান লাভ কৰিছে। ভাৰতীয় বোলছবি জগতলৈ অৰিহণাৰ বাবে ভাৰত চৰকাৰে তেখেতক ২০০১ চনত দাদাচাহেব ফাল্কে বঁটা আৰু ২০০৫ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। বাফ্টাৰ জীৱনজোৰা সদস্যপদ লাভ কৰা তেখেতেই প্ৰথম ভাৰতীয়।
২০১২ চনৰ ২১ অক্টোবৰত ডেংগু ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।[3]