যদুনাথ সিং
পৰম বীৰ চক্ৰ প্ৰাপক / From Wikipedia, the free encyclopedia
যদুনাথ সিং (ইংৰাজী: Jadunath Singh; ১৯১৬ –১৯৪৮) আছিল ভাৰতীয় সেনাৰ এজন সৈনিক। তেওঁক ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা সংঘৰ্ষত তেওঁৰ ভূমিকাৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত হৈছিল।
নায়ক যদুনাথ সিং পৰম বীৰ চক্ৰ | |
---|---|
যদুনাথ সিঙৰ প্ৰতিমূৰ্তি | |
জন্ম | ২১ নৱেম্বৰ, ১৯১৬ খাজুৰি, ছাহজাহানপুৰ, (বৰ্তমান উত্তৰ প্ৰদেশত) |
মৃত্যু | ০৬ ফেব্ৰুৱাৰী, ১৯৪৮ (৩১ বছৰ) টাইন ধৰ, নৌশ্বেৰা জম্মু আৰু কাশ্মীৰ |
আনুগত্য | ব্ৰিটিছ ভাৰত ভাৰত |
চাকৰি/শাখা | ব্ৰিটিছ ভাৰতীয় সেনা ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪১–১৯৪৮ |
পদমৰ্যদা | নায়ক |
চাৰ্ভিছ নাম্বাৰ | ২৭৩৭৩[1] |
ইউনিট | ১ম বেটেলিয়ন, ৰাজপুত ৰেজিমেণ্ট |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
সিঙে ১৯৪১ চনত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত নামভৰ্তি কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মাত জাপানীসকলৰ বিৰুদ্ধে যুঁজিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় সেনাবাহিনীৰ সদস্য হিচাপে ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশ লৈছিল। ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰীত নৌশ্বেৰাৰ উত্তৰত থকা টাইন ধৰত কৰা এক কৰ্মৰ বাবে নায়ক সিঙক পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।
সিঙে ৯ জনীয়া ফৰৱাৰ্ড ছেকচন ছাউনি এটাৰ নেতৃত্ব বহন কৰিছিল। আগ্ৰাসী পাকিস্তানী সেনাৰ সংখ্যা বহু বেছি আছিল যদিও, সিঙে নিজৰ লোকসকলৰ নেতৃত্ব দি ছাউনিটো পাৰ কৰাৰ তিনিটা প্ৰচেষ্টা প্ৰতিহত কৰিছিল। দ্বিতীয়টো আক্ৰমণৰ সময়ত তেওঁ আহত হয়। ষ্টেনগানেৰে সজ্জিত হৈ তেওঁ অকলেই তৃতীয়টো আক্ৰমণৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় হৈছিল আৰু আক্ৰমণকাৰীসকলক আঁতৰি যাবলৈ বাধ্য কৰাইছিল। এই প্ৰচেষ্টাতেই তেওঁ পৰলোকগামী হয়। শ্বাহজাহানপুৰৰ এখন ক্ৰীড়া ষ্টেডিয়াম আৰু এখন খাৰুৱা তেলৰ টেংকাৰ সিঙৰ নামেৰে নামকৰণ কৰা হয়।