মৃগনাভি (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ From Wikipedia, the free encyclopedia
অসমীয়া চলচ্চিত্ৰ From Wikipedia, the free encyclopedia
মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।[1]
মৃগনাভি Musk | |
---|---|
মৃগনাভিৰ পোষ্টাৰ | |
পৰিচালক | হেমেন দাস |
ৰচনা | অৰূপা পটংগীয়া কলিতা |
চিত্ৰনাট্য | হেমেন দাস |
প্ৰযোজক | বিষ্ণু ডেকা |
অভিনয়ত |
|
সম্পাদনা | অনেন্দ্ৰ প্ৰসাদ শৰ্মা |
সংগীত পৰিচালক | তৰালি শৰ্মা |
মুক্তি |
৩ মাৰ্চ, ২০১৭ |
দৈৰ্ঘ্য |
২ ঘণ্টা ১০ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
এফালে এক নৈতিক আৰু প্ৰমূল্যবোধৰ জীৱনৰ প্ৰতি আকুলতা আৰু আনফালে এখন স্খলিত সমাজ- এই দুই বিচাৰধাৰাৰ সংঘাটত কেনেকৈ এক সুকোমল মন ছিন্ন-ভিন্ন হৈ পৰে, মৃগনাভি তাৰ এক উজ্জ্বল উদাহৰণ।[2]ছবিখনত সোণতৰা নামৰ এগৰাকী মহিলাৰ জীৱনৰ সংঘৰ্ষৰ কথা দেখুওৱা হৈছে। এজন ধনবান কিন্তু নষ্ট চৰিত্ৰৰ চাহ ব্যৱসায়ীৰ লগত বিয়া হোৱাৰ পিছত সোনতৰাই উপলব্ধি কৰে যে তাইৰ ব্যক্তি স্বাধীনতা বুলিবলৈ একো নাই। কিন্তু শেষত সোণতৰাই এগৰাকী নাৰীয়ে সন্মুখীন হোৱা বাধা-বিঘিণিবোৰ অতিক্ৰম কৰি নিজৰ পক্ষে থিয় দিছে। সোণতৰাই বন্দীত্বৰ সঁজা ভাঙি পেলাবলৈ সক্ষম হৈছে।[3]
মৃগনাভি ছবিখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত। পৰিচালক হেমেন দাসে ১৯ বছৰ আগতে পঢ়ি উঠা এই উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ কথা আগতেই চিন্তা কৰিছিল। অৰূপা পটংগীয়া কলিতাই ছবিখনৰ বাবে কাহিনী আৰু হেমেন দাসে চিত্ৰনাট্য ৰচনা কৰে। তৰালি শৰ্মাই সংগীত পৰিচালনা কৰা ছবিখনৰ মুখ্য সহযোগী পৰিচালক নাৰায়ণ শীল।
বৰ্ষ | বঁটা | শিতান | শিল্পী | ফলাফল |
---|---|---|---|---|
২০১৩ | দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | শ্ৰেষ্ঠ পৰিচালক | হেমেন দাস | মনোনীত |
শ্ৰেষ্ঠ অভিনেত্ৰী | প্ৰস্তুতি পৰাশৰ | বিজয়ী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.