মিচিং নৃত্য আৰু গীত মাত
From Wikipedia, the free encyclopedia
ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায় । মানুহৰ মনৰ আবেগজনিত বিভিন্ন কাৰকক অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে প্ৰকাশ কৰা ভঙ্গীমাকে নৃত্য বুলিব পাৰি যি সমাজ আৰু সংস্কৃতিৰ লগতে সময়ৰ সৈতে পৰিৱৰ্তনৰ খোজ মিলাই নিজৰ স্বকীয় ভঙ্গীমা বিলাক পৰিৱৰ্তন ঘটাই পৰিচয় লাভ কৰে সংগীত কলাৰ এটা প্ৰধান উপাদান স্বৰূপে । মিচিং নৃত্যও ইয়াৰ পৰা পৃথক নহয় ।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মিচিং ভাষাত নৃত্যক “পাকচং” বা “মাকচং” বোলে । কিন্তু সৰ্বসাধাৰণতে মিচিং লোকসকলে কৰা মিচিং বিহুক “চ’মান” মানেৰেহে জনা যায় । নৃত্য, প্ৰত্যয়, ধেমালি, আনন্দ আদিৰ মাজতে আবদ্ধ থাকে চ’মান বা আমি জনা মিচিং বিহু । পৰিবেশন ৰীতি আৰু পৰিবেশৰ ওপৰত ভিত্তি কৰি মিচিং বিহুক মুলত তিনিটা ভাগত ভগাব পাৰি আৰু সেয়া হ’ল ধৰ্মীয়, বিশ্ৰামমূলক আৰু কৃষি উংসৱমূলক ।