মাধুৰী কানিটকৰ
From Wikipedia, the free encyclopedia
লেফ্টটেনেণ্ট জেনেৰেল (ড॰) মাধুৰী কানিটকৰ (ইংৰাজী: Madhuri Kanitkar), এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল।[1] তেওঁ বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানৰ অধীনত ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ (চিকিৎসা) উপ-প্ৰধান হিচাপে কৰ্মৰত।[2] কানিটকৰে প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন উপদেষ্টা পৰিষদৰ লগতো জড়িত।[3]
ক্ষিপ্ৰ তথ্য লেফ্টটেনেণ্ট জেনেৰেলমাধুৰী কানিটকৰ এভিএছএম, ভিএছএম, জন্ম ...
লেফ্টটেনেণ্ট জেনেৰেল মাধুৰী কানিটকৰ এভিএছএম, ভিএছএম | |
---|---|
মাধুৰী কানিটকৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা অতি বিশিষ্ট সেৱা মডেল প্ৰাপ্ত কৰা মুহূৰ্ত | |
জন্ম | ১৯৬০ ধাৰৱাড, কৰ্ণাটক |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় থলসেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৮২ – বৰ্তমান |
পদমৰ্যদা | লেফ্টটেনেণ্ট জেনেৰেল |
পুৰস্কাৰ | অতি বিশিষ্ট সেৱা মডেল বিশিষ্ট সেৱা মডেল |
বন্ধ কৰক
তেওঁৰ স্বামী লেফ্টটেনেণ্ট জেনেৰেল ৰাজীৱ কানিটকৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া। তেওঁ শেষবাৰৰ বাবে ভাৰতীয় সেনাৰ কোৱাৰ্টাৰমাষ্টাৰ জেনেৰেল হিচাপে সেৱা আগবঢ়াইছিল। তেওঁলোক হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথমহাল দম্পতী যিয়ে তিনি তাৰকা পদবী লাভ কৰিছে।[4]