From Wikipedia, the free encyclopedia
মাতৃকা (সংস্কৃত: मातृका ) অৰ্থাৎ দৈৱিক মাতৃসকল[2] হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী বিষ্ণুৰ পৰা। মহেশ্বৰী শিৱৰ পৰা, ইন্দ্ৰাণী ইন্দ্ৰৰ পৰা, কৌমাৰী স্কন্দ অৰ্থাৎ কাৰ্ত্তিকৰ পৰা, বৰাহী বৰাহৰ পৰা আৰু চামুণ্ডা দেৱীৰ পৰা উৎপন্ন।[3] ইয়াৰ উপৰিও আন দুগৰাকী মাতৃকা হৈছে নৰসিংহী আৰু বিনায়কী।
মাতৃকাসকলক প্ৰায়েই সাতগৰাকীৰ গোট বা সপ্তমাতৃকা হিচাপে উপস্থাপন কৰা দেখা পোৱা যায়।[4] অষ্টমাতৃকা বা আঠগৰাকী দেৱীৰ গোট হিচাপেও তেওঁলোকক চিত্ৰায়িত কৰা হয়।[5] দক্ষিণ ভাৰতত মূলতঃ সপ্তমাতৃকাৰ উপাসনা বিৰাজমান হোৱাৰ বিপৰীতে নেপালৰ লগতে আনবোৰ ঠাইত অষ্টমাতৃকাৰ পূজা দেখা যায়।[6]
হিন্দু ধৰ্মৰ দেৱীপূজা কৰা পন্থা অৰ্থাৎ তন্ত্ৰত মাতৃকাসকলৰ অপৰিসীম গুৰুত্ব আছে।[7] শাক্ত পন্থাত তেওঁলোকক দানৱৰ সৈতে হোৱা যুঁজসমূহত পৰম শাক্ত দেৱীক সহযোগ কৰাৰ কথা কোৱা হয়।[8] কোনো কোনো পণ্ডিতে মাতৃকাসকলক শৈৱ পন্থাৰ দেৱী বুলিও মত প্ৰকাশ কৰে।[9] সমৰ দেৱতা স্কন্দ (মুৰুগান) বা কাৰ্ত্তিকৰ পূজাৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক দেখা যায়।[10] প্ৰাচীনতম সূত্ৰসমূহত মাতৃকাসকলক অশুভ আৰু ভয়ংকৰ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁলোক ভয়লগা দেৱী, শিশু হৰণকাৰী তথা ভক্ষণকাৰী বা অন্য অৰ্থত শিশুকালৰ ফোঁহা, জ্বৰ, ক্ষুধাপীড়ণ আৰু ৰোগসমূহৰ কাৰক। প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্ত হোৱাৰ পূৰ্বেই বহু শিশুৰ প্ৰাণ কাঢ়ি নিয়া এই ৰোগসমূহৰ নিবাৰণৰ হকে তেওঁলোকৰ উপাসনা কৰা হয়।[11] পৰৱৰ্তী কালৰ আখ্যানসমূহত মাতৃকাসকলে ৰক্ষাকৰ্তা দেৱীৰ ভূমিকা পালন কৰিবলৈ লয় যদিও তেওঁলোকৰ অশুভ চাৰিত্ৰিক বৈশিষ্ট্য অটুট থাকে।[12] এনেদৰে তেওঁলোকে প্ৰকৃতিৰ সৃষ্টিশীল আৰু ধ্বংসকাৰী দুয়োটা চৰিত্ৰকে প্ৰতিফলিত কৰে।[13]
বৰাহমিহিৰৰ বৃহৎ সংহিতাত কোৱা হৈছে যে মাতৃকাসকলক তেওঁলোকৰ নামানুসাৰে হিন্দুসকলৰ প্ৰধান দেৱতাসমূহৰ সৈতেহে পূৰ্ণ ৰূপ হিচাপে গণ্য কৰিব লাগে।[14] তেওঁলোক অৰ্ধাংগিণী বা শক্তি হিচাপে এই দেৱতাসকলৰ সৈতে জড়িত হৈ আছে।[13] আদিতে কৃত্তিকা নক্ষত্ৰপুঞ্জৰ বিমূৰ্ত ৰূপ হিচাপে পৰিচিত মাতৃকাসকলে সপ্তম শতিকাৰ পৰাই জনপ্ৰিয়তা লাভ কৰে আৰু নৱম শতিকালৈ দেৱী মন্দিৰৰ এক বিশেষ বৈশিষ্ট্য হিচাপে আত্মপ্ৰকাশ কৰে।[15]
জগদীশ নাৰায়ণ তিৱাৰী আৰু জগদীশ চক্ৰৱৰ্তীৰ মতে বৈদিক যুগ আৰু সিন্ধু সভ্যতাৰ সময়ৰে পৰা মাতৃকাসমূহৰ স্থিতি বিদ্যমান। ইয়াৰ প্ৰমাণ হিচাপে সিন্ধু সভ্যতাৰ প্ৰত্নতাত্বিক স্থানসমূহত উদ্ধাৰ হোৱা শাৰী পাতি থকা সাতগৰাকী নাৰী বা দেৱী সম্বলিত ছীল-মোহৰৰ কথাকে কোৱা হয়।[16][17] ঋকবেদত সোমৰস প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰা সাতগৰাকী মাতৃৰ উল্লেখ আছে যদিও মহাভাৰততহে ইয়াৰ স্পষ্ট বৰ্ণনা পোৱা যায়।[18][19]
পঞ্চম শতিকালৈ এই দেৱীসকল তান্ত্ৰিক দেৱী হিচাপে কঠোৰপন্থী হিন্দুধৰ্মৰ মাজত সোমাই পৰে।[20][21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.