aমোগল ৰাণী From Wikipedia, the free encyclopedia
মমতাজ মহল (ফাৰ্চী: ممتاز محل; ; ইংৰাজী: Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১)[6] ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শ্বাহ জাহানৰ বেগম আছিল।[7] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শ্বাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।[8][9]
মমতাজ মহল | |
---|---|
মমতাজ মহলৰ এখন প্ৰতিকৃতি | |
ৰাজত্ব | ১৯ জানুৱাৰী ১৬২৮-১৭ জুন ১৬৩১ |
পূৰ্বসূৰী | নুৰ জাহান |
উত্তৰাধিকাৰী | জাহানাৰা বেগম |
দাম্পত্য সঙ্গী | শ্বাহ জাহান (বি. ১৬১২) |
সন্তান | |
| |
বাসগৃহ | টাইমূৰ সাম্ৰাজ্য |
মাতৃ | দিৱানজী বেগম |
পিতৃ | আবুল হাচান আচফ খান |
ধৰ্ম | শ্বিয়া মুছলমান[1][2][3][4][5] |
১৫৯৩ চনৰ ২৭ এপ্ৰিলত আগ্ৰাত মমতাজৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ নাম আছিল আবুল হাচান আচফ খান আৰু দিৱানজী বেগম। মাক দিৱানজী এজন ফাৰ্চী ৰান্ধনীৰ জীয়ৰী আছিল। দেউতাক মোগল সাম্ৰাজ্যৰ এক উচ্চ পদত অধিষ্ঠিত বিত্তশালী ব্যক্তি আছিল। ১৫৭৭ চনত তেওঁলোক পৰিয়াল ভাৰতলৈ আহে। আচফ খান মোগল সম্ৰাজ্ঞী নুৰ জাহানৰ ডাঙৰ ভায়েক আছিল।[10]
শ্বাহ জাহানে ১৬০৭ চনত মমতাজক বাকদান কৰিছিল, যেতিয়া মমতাজ চৈধ্য বছৰ বয়সীয়া শ্বাহ জাহান পোন্ধৰ বছৰীয়া আছিল। ইয়াৰ পাঁচ বছৰ পিছত ৩০ এপ্ৰিল ১৬১২ত আগ্ৰাত তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হৈছিল।[11][11] এইখন এখন প্ৰেমবিবাহ আছিল।[12] বিয়াৰ পিছত শ্বাহ জাহানে তেওঁক "মমতাজ মহল" বেগম উপাধি [13][14] তেওঁলোকৰ বাকদান আৰু বিবাহৰ মাজৰ সময়ছোৱাত শ্বাহ জাহানে ১৯০৯ চনত প্ৰথম পত্নী ৰাজকুমাৰী কান্দাহাৰী বেগমক বিয়া কৰায়। মমতাজক বিয়া কৰোৱাৰ পিছতো তেওঁ আৰু এগৰাকী ইজ-উন-নিচা বেগমক বিয়া কৰায়।[15] ইজ-উন-নিচা-বেগম এজন শীৰ্ষস্থানীয় মোগল দৰবাৰীৰ জীয়ৰী আছিল।[16][17]
বুৰহানপুৰত ১৭ জুন ১৬৩১ত চতুৰ্দশ সন্তানটো জন্ম দিবলৈ গৈ প্ৰসৱোত্তোৰ ৰক্তক্ষৰণত মমতাজৰ মৃত্যু হয়।[18] প্ৰায় ত্ৰিশ ঘণ্টা জোৰা প্ৰসৱ বেদনাত তেওঁ ভুগিছিল। দাক্ষিণাত্য মালভূমিলৈ অভিযানত যোৱা স্বামীক তেওঁ সঙ্গ দিছিল। তেওঁৰ দেহ অস্থায়ীভাবে বুৰহানপুৰত শ্বাহ জাহানৰ খুৰাক ৰাজকুমাৰ ডেনিয়েলে নিৰ্মাণ কৰা তাপ্তী নদীৰ পাৰৰ জৈনাবাদ নামৰ বাগিছা এখনত অস্থায়ীভাবে কবৰ দিয়া হৈছিল।[19][20] তেওঁৰ মৃত্যুৰ পিছত সম্ৰাট প্ৰায় এবছৰৰ বাবে শোকাকুল হৈ নিজকে নিৰ্জনতাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। এবছৰ পাছত তেওঁ যেতিয়া জন-সন্মুখলৈ আহিল, তেতিয়া তেওঁৰ চুলিয়ে শুকুলা বৰণ ধাৰণ কৰিছিল; ৰাজহাড বেঁকা হৈ গৈছিল আৰু মুখ শোতোৰা পৰিছিল।[20][21] মমতাজৰ আটাইতকৈ ডাঙৰ জীয়েক জাহানাৰা বেগমে দেউতাক শোক-সাগৰৰ পৰা উলিয়াই আনিছিল।[22]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.