ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ From Wikipedia, the free encyclopedia
মনীষ নাৰৱাল (ইংৰাজী: Manish Narwal; জন্ম ১৭ অক্টোবৰ ২০০১) এজন ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।[1] ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।[2]
নাৰৱালে ২০১৬ চনত হাৰিয়ানাৰ ফৰিদাবাদত পিষ্টল শ্বুটিং আৰম্ভ কৰিছিল। ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ পদক লাভ কৰে।[3] ২০২১ চনৰ পেৰা শ্বুটিং বিশ্বকাপত পি৪ মিশ্ৰিত ৫০ মিটাৰ পিষ্টল এছএইচ১ ইভেণ্টত ২২৯.১ পইণ্টেৰে বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰে।[3] তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদককে ধৰি কেইবাটাও পদক জিকিছে।[4][5][6][7][8]
তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ দুটা ইভেণ্টত অংশ লৈছিল: পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ আৰু মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১। ১০ মিটাৰৰ শাখাত তেওঁ সপ্তম স্থান লাভ কৰে।[9] ৫০ মিটাৰৰ শাখাত ২১৮.২ পইণ্টেৰে তেওঁ স্বৰ্ণ পদক অৰ্জন কৰে। একেটা ইভেণ্টতে ভাৰতৰ সিংৰাজ আধানাই ২১৬.৭ পইণ্টেৰে ৰূপৰ পদক অৰ্জন কৰে।[1]