From Wikipedia, the free encyclopedia
ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটে'ড (বি বি আই এল) ভাৰতৰ এটা অগ্ৰণী জৈৱপ্ৰযুক্তিবিজ্ঞানভিত্তিক কোম্পানী। ভাৰতৰ হায়দৰাবাদত মুখ্য কাৰ্য্যালয় অৱস্থিত এই কোম্পানীটো ভেষজ আৱিষ্কাৰ আৰু বিকাশ, ছিটা প্ৰস্তুত, জৈৱআৰোগ্যবিজ্ঞান, জৈৱভেষজ আৰু স্বাস্থ্যৰ যতন বিষয়ক পণ্য উৎপাদনৰ লগত জড়িত।[4]
Bharat Biotech logo.svg | |
ধৰণ | প্ৰাইভেট লিমিটে'ড কোম্পানী |
---|---|
উদ্যোগ | জৈৱপ্ৰযুক্তিবিজ্ঞান |
স্থাপিত | ১৯৯৬ চন |
প্ৰতিষ্ঠাতা | কৃষ্ণ এল্লা |
মুখ্য কাৰ্যালয় | জিনম ভেলী, টুৰাকাপল্লী, হায়দৰাবাদ |
দেশ/অঞ্চল | বিশ্বব্যাপী |
নেতৃস্থানীয় ব্যক্তিত্ব | কৃষ্ণ এম এল্লা (অধ্যক্ষ আৰু পৰিচালন সঞ্চালক) |
পণ্য | Page সাঁচ:Hlist/styles.css has no content. |
সহযোগী প্ৰতিষ্ঠান | Chiron Behring Vaccines [3] |
ৱেবছাইট | www |
ভাৰত বায়'টেকৰ উৎপাদন কেন্দ্ৰ ভাৰতৰ হায়দৰাবাদ চহৰৰ জিন'ম ভেলীত অৱস্থিত।[4] ২০২০ চনৰ জুলাই মাহৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বজুৰি উপস্থিতি থকা[4] এই কোম্পানীটোৰ অধীনত ৭ শতাধিক কৰ্মচাৰী নিয়োজিত হৈ আছে।[5]
কোম্পানীটোৱে এবিধ পৰিৱেশ-হিতৈষী পুনঃসংযোজক (recombinant)[6] আৰু প্ৰাকৃতিকভাৱে নিশকতীয়া হোৱা প্ৰজাতিৰ পৰা ৰ'টাভেক নামৰ এবিধ ৰ'টাভাইৰাছৰ ছিটা প্ৰস্তুত কৰিছে। চিকুণগুণীয়া আৰু জিকাৰ দৰে ভাইৰাছ সংক্ৰমিত ৰোগৰ ছিটা প্ৰস্তুত কৰি উলিওৱা প্ৰাৰম্ভিক প্ৰতিষ্ঠানসমূহৰ ভিতৰত ভাৰত বায়'টেকো আছিল অন্যতম। ই জাপানীজ এনকেফেলাইটিছ ৰোগৰো ছিটা উৎপাদন কৰে।[7]
২০২০ চনৰ এপ্ৰিল মাহত কোম্পানীটোৱে ঘোষণা কৰিছিল যে ক'ভিড-১৯ ছিটা প্ৰস্তুত কৰিবলৈ ই আমেৰিকান কোম্পানী ফ্লুজে'ন আৰু ৱিচকনচিন-মেডিছন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা কৰিব।[8][9]
২০২০ চনৰ মে' মাহত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় ভাইৰ'ল'জী প্ৰতিষ্ঠানে এটা সম্পূৰ্ণ থলুৱা ক'ভিড-১৯ ছিটাৰ বিকাশ কৰিবলৈ অনুমোদন জনাইছিল আৰু ভাইৰাছটোৰ সঁচ যোগান ধৰিছিল।[10][11] ২০২০ চনৰ ২৯ জুনত কোম্পানীটোৱে ক'ভেক্সিন নামৰ বিকাশমান ছিটা এটাৰ ভাৰতত প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষা চলাবলৈ ভাৰত চৰকাৰৰ ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (ডি চি জি আই) পৰা অনুমতি লাভ কৰে।[12][13][14][15] হিমাচল প্ৰদেশৰ কাচাউলিত অৱস্থিত কেন্দ্ৰীয় ভেষজ গৱেষণাগাৰে ভাৰত বায়'টেকৰ দ্বাৰা নিৰ্মিত ক'ভিড-১৯ ৰ ছিটা ক'ভেক্সিনৰ অগ্ৰাধিকাৰ ভিত্তিত পৰীক্ষা চলাই আহিছে।[16] ছিটাৰ প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ "উভয়পক্ষ অজানিত, যাদৃচ্ছিক আৰু প্লেচিব' নিয়ন্ত্ৰিত পৰীক্ষা" (ডি বি আৰ চি টি) চলাবলৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে মুঠ ১২ খন ঠাই নিৰ্বাচন কৰিছিল। [17][18]
২০২০ চনৰ ছেপ্টেম্বৰত কোম্পানীটোৱে ঘোষণা কৰিছিল যে ই ক'ভিড-১৯ৰ নাকেৰে প্ৰৱেশ কৰিবলগীয়া আৰু এপালি দিবলগীয়া ছিটা ন'ভেল ছিম্প্-এডেন'ভাইৰাছ (সংকেত নাম BBV154) উৎপাদন কৰিব। এই ছিটাবিধ চে'ণ্ট লুইছ, মুছৌৰি অৱস্থিত ৱাশ্বিংটন ইউনিভাৰ্ছিটী স্কুল অৱ মেডিচিনৰ সহযোগত বিকাশ কৰি থকা হৈছে। বৰ্তমান এইবিধ ছিটাৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰি থকা হৈছে।[19][20]
২০২১ চনৰ মাৰ্চত ৰয়টাৰ্ছত প্ৰকাশ পাইছিল যে চীনা চৰকাৰ সমৰ্থিত ইণ্টাৰনেট চোৰাংচোৱা সংঘ ৰে'ড এপ'লোৱে ভাৰত বায়'টেকৰ বৌদ্ধিক সম্পত্তি চুৰি কৰাৰ লক্ষ্য হিচাপে বাছি লৈছিল।[21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.