ভাৰত-চীন যুদ্ধ
From Wikipedia, the free encyclopedia
ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দোলন গঢ় লৈ উঠিছিল। ভাৰতে ফৰ্ৱাৰ্ড পলিচী (Forward Policy) গ্ৰহণ কৰিলে আৰু মেক-মহান ৰেখাৰ বহু উত্তৰে, চীনা প্ৰধানে দাবী কৰা লাইন অৱ কণ্ট্ৰলৰ (Line of Control) পূব দিশে সেনাৰ ঘাটি স্থাপন কৰিলে ১৯৫৯ চনত।
ভাৰত-চীন যুদ্ধ | |||||||||
---|---|---|---|---|---|---|---|---|---|
ভাৰত-চীন যুদ্ধ ভাৰত আৰু চীনৰ মাজত সংঘটিত হৈছিল |
|||||||||
|
|||||||||
যুজাৰু | |||||||||
ভাৰত | চীন | ||||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||||
বৃজমোহ কৌল সৰ্বপল্লী ৰাধাকৃষ্ণন জৱাহৰলাল নেহৰু ভি কে কৃষ্ণ মেনন জেনেৰেল প্ৰাণ নাথ থাপৰ | লুঅ' ৰুইচিং (chief of PLA staff)[2] ঝাং গুৱ'হুৱা (field commander)[3] মাও চে টুং লিউ বচেং লিন বিয়াঅ' ঝৌ এনলাই |
||||||||
সৈন্য শক্তি | |||||||||
১০০০০-১২০০০ | ৮০০০০[4][5] | ||||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||||
১৩৮৩ নিহত[6] ১০৪৭ আহত[6] 1,696 missing[6] 3,968 captured[6] | ৭২২ নিহত[6] ১৬৯৭ আহত[6][7] |
৩২২৫ কিলোমিটাৰ দীঘল এই সীমাৰ[8] বিবাদৰ বাবে ১৯৬২ চনৰ ২০ অক্টোবৰত চীনে লাডাখত, মেক-মহান ৰেখাৰ পাৰে আক্ৰমণ কৰে। দুয়ো দিশে আগ বাঢ়ি আহি চীনে পশ্চিমে চুশ্বুলুঙৰ ৰেজাং লা আৰু পূবে টাৱাং দখল কৰে। ১৯৬২ চনৰ ২০ নৱেম্বৰত যুদ্ধ সমাপ্ত হয় যেতিয়া চীনে যুদ্ধ বিৰতি ঘোষণা কৰে।
ভাৰত-চীনৰ এই যুদ্ধ নিষ্ঠুৰ পৰ্বতীয় যুদ্ধ পৰিস্থিতিৰ বাবে উল্লেখনীয়। যুদ্ধৰ অধিকাংশ ৪০০০ মিটাৰৰো অধিক উচ্চতাত সংঘটিত হৈছিল[9]। আন এক উল্লেখনীয় তথ্য হ'ল যে ভাৰত আৰু চীন উভয়ে জল সেনা আৰু বায়ু সেনাৰ প্ৰয়োগ কৰা নাছিল।