From Wikipedia, the free encyclopedia
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (ইংৰাজী: Indian Institute of Technology Guwahati, হিন্দী: भारतीय प्रोद्योगिकी संसथान गुवाहाटी, IIT Guwahati, IITG) হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীক এখন "ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান" (ইংৰাজী: Institute of National Importance) ৰূপে স্বীকৃতি দিছে[4]।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী | |
---|---|
মূলমন্ত্ৰ | "ज्ञान ही शक्ति है" |
ইংৰাজীত মূলমন্ত্ৰ | "Knowledge Is Power" |
স্থাপিত | ১৯৯৪[1] |
ধৰণ | শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান |
সঞ্চালক | দেৱেন্দ্ৰ জলিহাল [2] |
শৈক্ষিক কৰ্মচাৰী | ২৬০[3] |
স্নাতক শিক্ষাৰ্থী | ২০০০ (অনুমাণিক) |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ১০০০ (অনুমাণিক) |
স্থান | গুৱাহাটী, অসম, ভাৰত 26°11′14″N 91°41′30″E |
চৌহদ | ৭০৩.৯৫ একৰ (২.৮ বৰ্গ কিঃমিঃ)[1] |
অন্য নাম | আই.আই.টি.জি (IITG) |
ৰং | ৰঙা (হৃদয়: সৃষ্টিশীলতা আৰু উন্নয়ন), নীলা (মন: উপলব্ধি আৰু গৱেষণা), হালধীয়া (পুৰুষ: স্ৰজনমূলক প্ৰযুক্তি ),বগা (শৰীৰ: গুণগত উৎপাদনশীলতা) |
ৱেবছাইট | www.iitg.ac.in, www.iitg.ernet.in |
১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি অসমত শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী স্থাপন কৰা হয়।
১৯৯৪ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী স্থাপন কৰা হয় যদিও ১৯৯৫ চনৰ পৰাহে শিক্ষাদান আৰম্ভ কৰা হয়[1] ১৯৯৫ চনত ইয়াত বেচেলৰ অফ টেকনল'জীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হয়। আন আন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ নিচিনাকৈ ইয়াত JEEৰ (Joint Entrance Examination) যোগেদি বি. টেক. পাঠ্যক্ৰমৰ নামভৰ্তি কৰোৱা হয়[5]। ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে GATEৰ (Graduate Aptitude Test in Engineering) যোগেদি এম. টেক. (Master of Technology) পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰা হয়।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত। ৭০০ একৰ (২.৮ বৰ্গ কিঃমিঃ) জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। গুৱাহাটী মহানগৰৰ পৰা ইয়ালৈ প্ৰায় ২০ কিঃমিঃ। চৌহদৰ একাষে ব্ৰহ্মপুত্ৰ আৰু আনফালৰ পৰা পাহাৰে আগুৰি আছে।[1]
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত থকা বিভাগসমূহ হৈছে:
প্ৰতিষ্ঠানটোৰ উপৰোক্ত বিভাগসমূহে বি.টেক, বি.ডিজাইন, এম.ডিজাইন, এম.টেক, পি.এইচ.ডি., এম.এ (Development Studies) আৰু এম.এচচি.ৰ পাঠ্যক্ৰম প্ৰদান কৰে।
বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় মূল্যাংকন | |
---|---|
সাধাৰণ – আন্তঃৰাষ্ট্ৰীয় | |
QS (গোলকীয়) (২০২২)[6] | 395 |
QS (এছিয়া) (২০২১)[7] | 117 |
QS (BRICS) (২০১৯)[8] | 48 |
Times (গোলকীয়) (২০২০)[9] | 601–800 |
Times (এছিয়া) (২০২০)[10] | 160 |
Times (উদীয়মান) (২০২০)[11] | 152 |
সাধাৰণ – ভাৰত | |
NIRF (সামগ্ৰিকভাৱে) (২০২০)[12] | 7 |
অভিযান্ত্ৰিকী – ভাৰত | |
NIRF (২০২০)[13] | 7 |
দ্য ৱীক (২০১৯)[14] | 6 |
ইণ্ডিয়া টুডে (২০২০)[15] | 6 |
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত, আই আই টি গুৱাহাটীয়ে ২০১১ বৰ্ষৰ QS World University Rankingsত ৫৫১-৬০০তম স্থান আৰু ২০১২ বৰ্ষৰ QS Asian University Rankingsত ৮৯তম স্থান লাভ কৰিছে ২০১২ বৰ্ষৰ ভাৰতৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ মাজত ইণ্ডিয়া টুডে-য়ে দশম স্থান (ইংৰাজী: India Today), আউটলুক ইণ্ডিয়া (ইংৰাজী: Outlook India)য়ে অষ্টম স্থান আৰু ডাটাকুৱেষ্ট (ইংৰাজী: Dataquest)-য়ে ২০১১ বৰ্ষৰ ৭তম স্থান প্ৰদান কৰিছে। ২০০৯ চনত মিণ্ট চলোৱা এটা সমীক্ষাত চৰকাৰী মহাবিদ্যালয় সমূহৰ ভিতৰত ষষ্ঠ স্থান প্ৰদান কৰিছে
আই আই টি গুৱাহাটীত মুঠ ছটা গৱেষণা কেন্দ্ৰ আছে। সেইকেইটা হৈছে:
আই আই টি গুৱাহাটী হৈছে সম্পূৰ্ণ আৱাসিক চৌহদ। সকলো ছাত্ৰ-ছাত্ৰী চৌহদৰ ভিতৰত থকা ছাত্ৰাবাসত থাকে। উত্তৰ-পূব ভাৰতৰ নদী আৰু ইয়াৰ উপনদী সমূহৰ নাম অনুসৰি ছাত্ৰাবাস সমূহৰ নাম ৰখা হৈছে। ছাত্ৰাবাস সমূহৰ নাম হৈছে: মানস, দিহিং, কামেং, কপিলী, বৰাক, চিয়াং, উমিয়াম, দিবং, দিচাং, লোহিত আৰু ব্ৰহ্মপুত্ৰ। আটাইতকৈ ডাঙৰ ছাত্ৰাবাস হৈছে ব্ৰহ্মপুত্ৰ। ইয়াত একেলগে ১১৪০ জন ছাত্ৰ থকাৰ ব্যৱস্থা আছে। ছাত্ৰী-নিৱাস দুটাৰ নাম হৈছে- ধনশিৰি আৰু সোৱণশিৰি । ইয়াৰ উপৰিও বিবাহিত স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ বাবে এটা ছাত্ৰাবাস আছে।
প্ৰত্যেক বছৰে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশাসনে কেইবাটাও উৎসৱ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দুটা উৎসৱ হৈছে Techniche আৰু Alcheringa।
Techniche হৈছে আই আই টি গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা সম্বন্ধীয় উৎসৱ। প্ৰতি বছৰে তিনিদিন ধৰি এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াত বিভিন্ন বিদ্বান লোক আৰু ভাৰতৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাৰ্তালাপ আৰু আলোচনা কৰাৰ সুবিধা দিয়া হয়। পি. চিদাম্বৰম, কিৰণ বেদী, এইচ. চি. বৰ্মা, মাইক ফিনকে, জন চি. মেথাৰৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকলে ইয়াত ভাগ লৈছে।
২০১২ চনৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈকে Techniche ’১২ আই টি গুৱাহাটীত সুকলমে অনুষ্ঠিত হৈ যায়।
Alcheringa হৈছে আই আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক উৎসৱ। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনি দিন-চাৰি ৰাতি ধৰি এই উৎসৱ অনুষ্ঠিত হয়। ২০১১ বৰ্ষত ভাৰতৰ প্ৰায় ১৫০খন মহাবিদ্যালয়ৰ প্ৰায় ৪০,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল[16]।
ইয়াৰ উপৰিও, ভাৰতৰ বিভিন্ন আই আই টি সমূহৰ মাজত প্ৰতি বছৰে শীত কালত খেল-ধেমালি Inter-IIT Sports Meetৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এই প্ৰতিযোগিতা বিভিন্ন আই আই টিত অনুষ্ঠিত হয়। ২০০৬ চনত, প্ৰথম বাৰৰ বাবে আই আই টি গুৱাহাটীত ৪২তম আই আই টি খেল-ধেমালি প্ৰতিযোগিতাৰ অনুষ্ঠিত হৈছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.