ভল্গা নদী
From Wikipedia, the free encyclopedia
ভল্গা (Volga) (ৰুছ: Во́лга; IPA: [ˈvolɡə] ( শুনক)) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়। এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка Volga-Matushka” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয়।
ক্ষিপ্ৰ তথ্য দেশ, চহৰসমূহ ...
ভল্গা নদী (Volga River) (Волга) | |
ভল্গা নদীৰ ওপৰৰ চাৰাটোৱ দলং | |
দেশ | ৰাছিয়া |
---|---|
উপনৈ | |
- বাঁওদিশত | Kama River |
- সোঁদিশত | Oka River |
চহৰসমূহ | Astrakhan, Volgograd, Saratov, Samara, Ulyanovsk, Kazan, Nizhny Novgorod, Yaroslavl, Tver |
উৎস | |
- অৱস্থান | Valdai Hills, Tver Oblast |
- উচ্চতা | ২২৫ মি (৭৩৮ ফুট) |
- স্থানাঙ্ক | 57°9′N 32°36′E |
মোহনা | কাস্পিয়ান সাগৰ |
- উচ্চতা | −২৮ মি (−৯২ ফুট) |
- স্থানাঙ্ক | 45°50′N 47°58′E [1] |
দৈৰ্ঘ্য | ৩,৬৯২ কিমি (২,২৯৪ মাইল) |
অৱবাহিকা | ১৩,৮০,০০০ বৰ্গকিমি (৫,৩২,৮২১ বৰ্গমাইল) |
প্ৰবাহ | for Astrakhan |
- গড় | ৮,০৬০ ঘনমিটাৰ/ছেকেণ্ড (২,৮৪,৬৩৬ ঘনফুট/ছেকেণ্ড) |
বন্ধ কৰক
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills)-ত সাগৰ পৃষ্ঠৰ পৰা ২২৫ মিটাৰ উচ্চতাত উদ্ভৱ হৈছে। তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে। তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা ২৮ মিটাৰ তললৈ কাস্পিয়ান সাগৰত মিলিত হৈছে।