বৰাক উপত্যকা
অসমৰ সংমণ্ডল / From Wikipedia, the free encyclopedia
বৰাক উপত্যকা (দক্ষিণ অসম বুলিও জনাজাত)[1] ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই উপত্যকাৰ মুখ্য চহৰ হৈছে শিলচৰ। এই অঞ্চল বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। বৰাক উপত্যকা অসমৰ তিনিখন প্ৰশাসনিক জিলা: কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত। এই তিনি জিলাৰ ভিতৰত কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিকা আৰু কৰিমগঞ্জ ছিলেট জিলাৰ অন্তৰ্গত আছিল। ১৯৪৭ চনত ছিলেট জিলাৰ পৰা কৰিমগঞ্জ পৃথক কৰা হয়। বৰ্তমান ছিলেট জিলা বাংলাদেশৰ অন্তৰ্গত।