বৈদ্যুতিক ক্ষেত্ৰ
From Wikipedia, the free encyclopedia
বৈদ্যুতিক ক্ষেত্ৰ হৈছে এখন ভেক্টৰ ক্ষেত্ৰ, য'ৰ প্ৰত্যেক বিন্দুত প্ৰতি একক আধানে লাভ কৰা কুলম্ব বল সংযুক্ত হৈ থাকে[1]। বৈদ্যুতিক আধানৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ইয়াক আৱেশকৰণ কৰিব পৰা যায়। বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰ লগ হৈ বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ গঠন হয়।