চুম্বকীয় ক্ষেত্ৰ
পদাৰ্থ / From Wikipedia, the free encyclopedia
চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ(magnetic effect)। কোনো এক বিন্দুৰ চুম্বক ক্ষেত্ৰ, দিশ আৰু মান দুইটাৰ ওপৰত নিৰ্ভৰশীল, ইয়াক ভেক্টৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হয়। চুম্বক ক্ষেত্ৰক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাশি হৈছে B আৰু H, য'ত H ক এছ আই পদ্ধতিত এম্পিয়াৰ প্ৰতি মিটাৰ আৰু B ক এছ আই পদ্ধতিত টেছলা আৰু নিউটন প্ৰতি মিটাৰ প্ৰতি এম্পিয়াৰ হিচাপে জোখ কৰা হয়। B ক সাধাৰণতে গতি কৰা অৱস্থাত থকা বৈদ্যুতিক আধানৰ ওপৰত ই প্ৰয়োগ কৰা লৰেঞ্জ বলৰ আধাৰত সংজ্ঞাবদ্ধ কৰা হয়।
গতিবদ্ধ আধান আৰু মৌলিক কণাসমূহৰ স্পিনৰ লগত সংযুক্ত স্বকীয়(intrinsic) চৌম্বিক মমেণ্ট(magnetic moment)ৰ দ্বাৰা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰত বৈদ্যুতিক আৰু চুম্বক ক্ষেত্ৰ বিদ্যুৎচুম্বকীয় টেনছৰৰ দুটা অংগ আৰু দৰ্শকৰ আপেক্ষিক বেগ আৰু আধানৰ ওপৰত নিৰ্ভৰ কৰি এই টেনছৰ বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰলৈ বিভক্ত হোৱাটো নিৰ্ভৰ কৰে। কোৱাণ্টাম বলবিদ্যাত, বিদ্যুৎচুম্বকীয় ক্ষেত্ৰ নিৰৱচ্ছিন্ন কিছু শক্তিৰ টোপোলা হিচাপে থাকে(quantized) আৰু ফটনৰ বিনিময়ৰ দ্বাৰা বিদ্যুৎচুম্বকীয় ঘটনা(interaction)সমূহ হয়।
দৈনন্দিন জীৱনত সাধাৰণতে চুম্বকীয় ক্ষেত্ৰসমূহ স্থায়ী চুম্বকৰ দ্বাৰা স্বৃষ্ট বল হিচাপেহে অনুভূত হয়, যিয়ে ফেৰমেগনেটিক পদাৰ্থ যেনে লোহা, ক'বাল্ট, নিকেল আদিক টানে আৰু বাকী চুম্বকবোৰক আকৰ্ষণ অথবা বিকৰ্ষণ কৰে।
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰমেকানিকছত চুম্বক ক্ষেত্ৰৰ বহুল প্ৰয়োগ বিদ্যমান। পৃথিৱীৰ নিজা চুম্বক ক্ষেত্ৰ আছে যাৰ দ্বাৰা দিকনিৰ্ণয় সম্ভৱ আৰু পৃথিৱীৰ বায়ুমণ্ডলক সৌৰ বায়ুৰ পৰা ৰক্ষা কৰিবলৈ ঢাল হিচাপে কাম কৰে। ইলেক্ট্ৰিক মটৰ আৰু জেনেৰেটৰত ঘূৰ্ণীয় চুম্বক ক্ষেত্ৰ ব্যৱহাৰ হয়। হল পৰিঘটনা(Hall Effect)ৰ যোগেদি আমি কোনো পদাৰ্থৰ মাজেৰে যোৱা আহিত কণাৰ তথ্য চুম্বকীয় বলৰ দ্বাৰা লাভ কৰো।