বেদব্যাস
From Wikipedia, the free encyclopedia
বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ। তেওঁ হিন্দুধৰ্মৰ প্ৰাথমিক শাস্ত্ৰ হিচাপে স্বীকৃত বেদৰ ব্যৱহাৰিক-বিন্যাসকাৰী, পৌৰাণিক মহাকাব্য মহাভাৰত, অষ্টাদশ মহাপুৰাণ আৰু উপপুৰাণ, বেদান্তদৰ্শন, প্ৰভৃতিৰ সংকলক, সম্পাদক আৰু সমন্বায়ক এজন জ্ঞানান্বেষী ঋষি।
বেদব্যাস | |
---|---|
দাম্পত্যসঙ্গী | পিঞ্জলা |
পিতৃ-মাতৃ | ঋষি পৰাশৰ, সত্যৱতী |
সন্তান | শুক উত্তৰৰ পৰা, ধৃতৰাষ্ট্ৰ পূবৰ পৰা,পাণ্ডু উত্তৰ-পূবৰ পৰা,বিদূৰ পশ্চিমৰ পৰা |
যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু সত্যৱতীৰ মিলনৰ ফলত সত্যৱতী গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন। তেওঁৰ দেহৰ বৰ্ণ ক'লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন। তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল। চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল। তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল। সেইবাবে তেওঁ বেদব্যাস বা 'ব্যাস' নামে পৰিচিত। জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে। তেওঁ বদৰিকাশ্ৰমত তপস্যা কৰিছিল। সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।