বিশ্বনাথ ক্ষেত্ৰ
From Wikipedia, the free encyclopedia
বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কি:মি: দক্ষিণৰ এখন প্ৰাচীনতম পবিত্ৰ স্থান। বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমান কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান। খাছী-চিণ্টেংসকলেই বিশ্বনাথৰ শিলৰ গাঁতবোৰ খান্দি তেওঁলোকৰ মৃতসকলৰ পবিত্ৰ অৱশেষ এইবোৰত সংৰক্ষণ কৰিছিল আৰু যথানিয়মে পূজা কৰিছিল। পৰবৰ্তী সময়ত মংগোলীয় সকল আহিল। তেওঁলোকৰ হেঁচাত খাছী সকল আতঁৰি মেঘালয় পালেগৈ। মংগোলীয় সকলেও এই স্থান সেৱা সৎকাৰৰ স্থান হিচাপে বাচি ল'লে। ইয়াৰ পাছত জগৎপতি গৰুড়ধ্বজ নামৰ কোনো আৰ্যপুত্ৰই পশ্চিম ফালৰ পৰা আহি বিশ্বনাথত হয়গ্ৰীব নামৰ এক অসুৰৰ লগত যুদ্ধ কৰি, হয়গ্ৰীবক বধি এই তীৰ্থত আৰ্য্য সংস্কৃতিৰ বীজ ৰোপণ কৰি মণিকুট(হাজো)লৈ গমন কৰিলে।
এই প্ৰবন্ধটো বিশ্বনাথ ঘাট নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
দশম শতিকামানত ৰচিত কালিকাপুৰাণত বিশ্বনাথ হিন্দুধৰ্মৰ এখন প্ৰধান তীৰ্থক্ষেত্ৰ হিচাপে উল্লেখ হোৱা দেখা যায়। ১৬শ শতিকামানত ৰচিত যোগিনীতন্ত্ৰত কামৰূপাত্মক কাশী বিশ্বেশ্বৰ অৰ্থাৎ অসমৰ কাশী বিশ্বনাথ মন্দিৰত বলীপুত্ৰ বাণে দ্বাৰপাল হিচাপে থকা আৰু তেওঁৰ লগত এক বাহ্লিক কন্যা কীৰ্মিৰ মিলন কাহিনী এটা বৰ্ণিত আছে।
আহোম ৰাজত্বত বিশ্বনাথ ক্ষেত্ৰত কেবাটাও দৌল-দেৱালয় নিৰ্মান কৰা হৈছিল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বিশ্বনাথত ১৮ খন দেৱালয় দৰ্শন কৰিছিল বুলি জনা যায়। ১৮৪২ চনত ব্ৰিটিছ কমিছনাৰ জেনকিন্সে লিখা এখন পত্ৰত বিশ্বনাথত ২৭খন দেৱালয়ৰ কথা উল্লেখ কৰিছে।"পবিত্ৰ অসম" পুথিত সৰ্বানন্দ ৰাজকুমাৰ দেৱে বিশ্বনাথৰ ৩০ খন দেৱালয়ৰ নাম এইদৰে ইল্লেখ কৰিছে : উমা, চক্ৰেশ্বৰ, হৰিহৰ-কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী, সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী, কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ(বৰদ'ল), জাগ্ৰা, বুঢ়ামাধৱ(প্ৰতাপগড়), কালভৈৰৱ, বীৰভদ্ৰ(বৰলাশিল), জোঙাশিল, পুৰ্বশংকৰ, সূৰ্য্যমাধৱ, অন্নপূৰ্ণা, গনেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি আৰু মংগল চণ্ডিকা।
বৰ্তমান ক্ষেত্ৰস্থ অৱশেষ দেৱালয়, ইয়াত জড়িত তাম্ৰপত্ৰ আৰু অন্যান্য স্মৃতিচিহ্ন বিলাকৰ পৰা ইয়াত সৰ্ব্বমুঠ এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মিত বুলি নি:সন্দেহে ক'ব পাৰি।বিশ্বনাথক আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থক্ষেত্ৰ জ্ঞান কৰি ইয়াত নানা ধৰ্মীয় কাৰ্য্য অনুষ্ঠিত কৰাৰ উপৰিও নিজাকৈ একোটা কীৰ্তিচিহ্ন ৰাখি থৈ যোৱাৰ চেষ্টা কৰিছিল।[1]