বিশ্বকাপ ক্ৰিকেট ২০১৯
From Wikipedia, the free encyclopedia
বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে[1] ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,[2][3] ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
এই প্ৰৱন্ধত এক শেহতীয়া ঘটনাৱলী নথিকৰণ কৰা হৈছে। ঘটনাৱলীৰ অগ্ৰগতিৰ লগেলগে তথ্যবোৰ সলনি হ'বও পাৰে, আৰু বাতৰিৰ প্ৰাথমিক প্ৰতিবেদন বিশ্বাসযোগ্য নহ'বও পাৰে। এইপ্ৰৱন্ধৰ শেহতীয়া নবীকৰণে একেবাৰে শেহতীয়া তথ্যবোৰ প্ৰতিফলিত নকৰিবও পাৰে। |
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ | |
---|---|
বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ ল'গ' | |
দিনাংক | ৩০ মে – ১৪ জুলাই |
প্ৰশাসক(সমূহ) | আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ |
ধৰণ | এদিনীয়া আন্তঃৰাষ্ট্ৰীয় |
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) | ৰাউণ্ড ৰবিন আৰু নকআউট |
আয়োজক(সমূহ) | ইংলেণ্ড ৱেলছ |
দলৰ সংখ্যা | ১০ |
মুঠ খেলৰ সংখ্যা | ৪৮ |
← ২০১৫ ২০২৩ → |
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।[4] ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল।