বিদ্যা নিকেতন, ৰাজগড়
ডিব্ৰুগড়ৰ এখন বিদ্যালয় / From Wikipedia, the free encyclopedia
বিদ্যা নিকেতন, ৰাজগড় হৈছে ৰাজগড় অঞ্চলৰ এখন বিদ্যালয়। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে ২নং নভকতীয়া অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।[1] বিদ্যালয়খন জয়পুৰ ব্লক আৰু ৰাজগড় মণ্ডলৰ অন্তৰ্গত। বৰ্তমান প্ৰায় ৫৬৫জন ছাত্ৰ-ছাত্ৰী, ২৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ১জন তৃতীয় বৰ্গৰ আৰু ৪জন চৰ্তুথ বৰ্গৰ কৰ্মচাৰী আছে।[2] ইয়াত অসমীয়া মাধ্যমত শিক্ষাদান কৰা হয়। প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে সৰ্বমুঠ ১২টা শ্ৰেণী আছে। বিদ্যালয়খন অসম জাতীয় সমন্বয় পৰিষদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অন্তৰ্ভুক্ত। অষ্টম শ্ৰেণীলৈকে অসম জাতীয় সমন্বয় পৰিষদ আৰু নৱম-দশম SEBAৰ অন্তৰ্গত।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ক্ষিপ্ৰ তথ্য অৱস্থান, প্ৰাথমিক তথ্যসমূহ ...
বিদ্যা নিকেতন,ৰাজগড় | |
অৱস্থান | |
---|---|
ব্লক: জয়পুৰ, মণ্ডল: ৰাজগড়, জিলা: ডিব্ৰুগড়, অসম ভাৰত | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | বিদ্যালয় |
বিদ্যালয়ৰ বিভাগ | ডিব্ৰুগড় |
ফেকাল্টী | ২৬ |
বন্ধ কৰক