বিজ্ঞান
এক প্ৰণালীবদ্ধ অধ্যয়ন / From Wikipedia, the free encyclopedia
বিজ্ঞান (Science, লেটিন শব্দ scientiaৰ পৰা যাৰ অৰ্থ "জ্ঞান") হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়[1][2][3][4]। এটা পুৰণি অথচ আজিও প্ৰাসংগিক অৰ্থ হ'ল এৰিষ্ট'ট'লৰ মত - বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু কাৰণসহ ব্যাখ্যা কৰিব পাৰি[5]।
পুৰণি কালত বিজ্ঞানক দৰ্শনৰ লগত ৰিজোৱা হৈছিল। আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান" আৰু "দৰ্শন" শব্দ দুটা ইংৰাজী ভাষাত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল। ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক (এতিয়াৰ "প্ৰাকৃতিক বিজ্ঞান") সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল[6][7]। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ব্যৱহাৰ কৰা হৈ থাকিল, যেনেকৈ ইয়াক আধুনিক পুথিভঁৰাল বিজ্ঞান বা ৰাজনৈতিক বিজ্ঞানৰ দৰে শব্দত ব্যৱহাৰ কৰা হয়।
আধুনিক যুগত বিজ্ঞানক "প্ৰায়েই ‘প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান’ বুলি বুজোৱা হয় আৰু সেইবাবে ই ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনা আৰু তাৰ নিয়মাৱলীৰ অধ্যয়ন সম্বন্ধীয় শাখাতহে সীমাবদ্ধ বুলি ক'ব পাৰি। সাধাৰণ ব্যৱহাৰত ইয়েই এতিয়া মুখ্য অৰ্থ। "[8]। "প্ৰকৃতিৰ নিয়ম" সংজ্ঞা দিবলৈ চেষ্টা কৰা কেপলাৰৰ সূত্ৰ, গেলেলিঅ'ৰ সূত্ৰ, আইজাক নিউটনৰ গতিসূত্ৰ"ৰ(Isaac Newton's law of motion) আদিৰ ফলতহে বিজ্ঞানৰ সংকীৰ্ণ ভাৱৰ বিকাশ ঘটে। এই সময়চোৱাত প্ৰাকৃতিক দৰ্শনক "প্ৰাকৃতিক বিজ্ঞান" বুলি কোৱাটো সুলভ হৈ পৰিল। ১৯শ শতিকা বাগৰি যোৱাৰ লগে লগে "বিজ্ঞান" শব্দটো প্ৰকৃতিৰ শৃংখলাবদ্ধ অধ্যয়ন যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ-বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ লগত উক্ত হৈ পৰে। তাৰ পিছত ভাষাগত সমস্যা দূৰ কৰিবলৈ মানৱ চিন্তা আৰু সমাজৰ অধ্যয়নক সমাজ বিজ্ঞান বুলি নমাকৰণ কৰা হয়। তেনেদৰে প্ৰায়োগিক বিজ্ঞানৰ দৰে আন আন অধ্যয়ন ক্ষেত্ৰকো "বিজ্ঞান"ৰ বহল অৰ্থাই সামৰি লৈছে।[9]বিজ্ঞানে সকলোকে কু সংস্কাৰ প্ৰতি থকা বিশ্বাস ভঙাত সহায় কৰে।