বালেশ্বৰ
ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল / From Wikipedia, the free encyclopedia
বালেশ্বৰ বা বালাচোৰ ( ইংৰাজী: Balasore ) ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল৷ ইংৰাজীত বালাচোৰ যদিও ওড়িয়া ভাষাত বালেশ্বৰ নামেৰে পৰিচিতি। [4] পূব ভাৰতৰ ৰাজ্যৰ ৰাজধানী ভুবনেশ্বৰৰ পৰা প্ৰায় ১৯৪ কিলোমিটাৰ (১২১ মাইল) উত্তৰত আৰু কলকাতাৰ পৰা ৩০০ কিলোমিটাৰ (১৮৬ মাইল) দূৰত্বত অৱস্থিত ওড়িশা ৰাজ্যৰ এইখন চহৰ। উত্তৰ ওড়িশাৰ আটাইতকৈ ডাঙৰ চহৰ আৰু বালেশ্বৰ জিলাৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই চণ্ডীপুৰ বিলৰ বাবে বেছিকৈ পৰিচিত। ইয়াক 'মিছাইল চহৰ' বুলিও কোৱা হয়।[5][6] বালেশ্বৰৰ পৰা ১৮ কিলোমিটাৰ দক্ষিণে অৱস্থিত ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচী।
ক্ষিপ্ৰ তথ্য বালেশ্বৰ বালাচোৰ, দেশ ...
বালেশ্বৰ বালাচোৰ |
|
---|---|
— নগৰ — | |
দেশ | ভাৰত |
ৰাজ্য | ওড়িশা |
জিলা | বালেশ্বৰ |
চৰকাৰ | |
- প্ৰকাৰ | নগৰ পালিকা |
- পৰিষদ | বালেশ্বৰ নগৰ পালিকা |
- Member of Parliament | প্ৰতাপ চন্দ্ৰ সাৰঙ্গী (BJP) |
- Member of Legislative Assembly | স্বৰূপ কুমাৰ দাস (BJD) |
মাটিকালি[1] | |
- নগৰ | ১৭.৪৮ কি.মি.২ (৬.৭ বৰ্গ মাইল) |
উচ্চতা | ১৬ মিটাৰ (৫২.৪৯ ফুট) |
জনসংখ্যা (২০১১)[2] | |
- নগৰ | ১,৪৪,৩৭৩ জন |
- স্থান | ভাৰতৰ ভিতৰত ৪০৯ আৰু ওড়িশাৰ ভিতৰত ৭তম |
- জনঘনত্ব | ৮,২৫৯.৩ প্ৰতি বৰ্গ কি.মি. (২১,৩৯১.৬ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ | ১,৭৭,৫৫৭ জন |
বিশেষণ | বালেশ্বৰীয়া |
ভাষা | |
- চৰকাৰী | ওড়িয়া [3] |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
PIN | 756001–756xxx |
Telephone code | 06782 |
যানবাহনৰ নম্বৰ | OD – 01 (previously OR – 01) |
UN/LOCODE | IN BLS |
ৱেবছাইট | baleswar |
বন্ধ কৰক