![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/b/b9/Balamoni_Amma.jpeg/640px-Balamoni_Amma.jpeg&w=640&q=50)
বালামণি আম্মা
মালয়ালম ভাষাৰ ভাৰতীয় কবি / From Wikipedia, the free encyclopedia
নালাপাত বালামণি আম্মা (ইংৰাজী: Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালায়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল। আম্মা (মাডাৰ), মুতাছী (গ্ৰেণ্ডমাডাৰ), মাড়ুৱিন্তে কথা (দ্য ষ্ট’ৰি অৱ দ্য এক্স) আদি তেওঁৰ কিছু উল্লেখযোগ্য সৃষ্টিকৰ্ম।[1]বালামণি আম্মাই প্ৰায় পাঁচশতকৈও অধিক কবিতা লেখিছে। মালয়ালম ভাষাৰ এগৰাকী অন্যতম শক্তিশালী কবি হোৱা বাবে তেওঁক মালয়ালম সাহিত্যৰ মাতৃ আখ্যা দিয়া হয়।
বালামণি আম্মা | |
---|---|
![]() | |
জন্ম | ১৯ জুলাই, ১৯০৯ পুন্নায়ুৰকুলম, পন্নানি তালুক, মালাবাৰ জিলা, মাদ্ৰাছ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান ত্ৰিচুৰত) |
মৃত্যু | ২৯ ছেপ্টেম্বৰ, ২০০৪ (৯৫ বছৰ) কোচি, কেৰালা, ভাৰত |
উল্লেখযোগ্য বঁটা | পদ্মভূষণ, সাহিত্য অকাডেমি বঁটা, সৰস্বতী সন্মান, Asan Prize, Ezhuthachan Award |
দাম্পত্যসংগী | ভি এম নায়াৰ |
সন্তান | কমলা দাস, সুলোচনা, মোহনদাস, শ্যাম সুন্দৰ |
আম্মা মালায়ালম লেখক এন নাৰায়ণ মেননৰ ভতিজাক আছিল।তেওঁৰপৰা প্ৰাপ্ত শিক্ষা আৰু তেওঁৰ দ্বাৰা লিখিত কিতাপবোৰে আম্মাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মামাকৰ পৰা পোৱা অনুপ্ৰেৰণাই তেওঁক এজন দক্ষ কবি ৰূপে পৰিচিতি লভাত সহায় কৰিছিল। নালাপাত হাউচৰ আলমাৰীৰ পৰা কিতাপ নিৰ্বাচনৰ সময়ত তেওঁ বিশিষ্ট মালায়ালম কবি ভি নাৰায়ণ মেননৰ কিতাপসমূহৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছিল। মেননৰ শৈলী আৰু সৃজনশীলতাৰ দ্বাৰা আম্মা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ আম্মাৰ প্ৰিয় কবি হৈ পৰিছিল।
তেওঁ তেওঁৰ সাহিত্যকৰ্মৰ বাবে পদ্মভূষণ (১৯৮৭)[2], সাহিত্য অকাডেমি বঁটা, সৰস্বতী সন্মান আদিকে ধৰি অলেখ বিখ্যাত সন্মানেৰে সন্মানিত হৈছে।[3] তেওঁ সাহিত্যকাৰ কমলা সুৰইয়া ওৰফে কমলা দাসৰ মাতৃ।[4]
২০০৯ চনটো বালামণি আম্মাৰ জন্ম শতবৰ্ষ ৰূপে পালন কৰা হৈছিল।