From Wikipedia, the free encyclopedia
বগলামুখী বা বগলা (সংস্কৃত: बगलामुखी ) হ'ল হিন্দু ধৰ্মৰ দহগৰাকী তান্ত্ৰিক দেৱ-দেৱীৰ এগৰাকী সদস্য, তেওঁ মহাবিদ্যাৰ অন্যতম। দেৱী বগলাই তেওঁ ভক্ত সকলৰ ভ্ৰম আৰু বিভ্ৰান্তি (বা ভক্তৰ শত্ৰু সকলৰ) নিজৰ গদাৰে চূৰমাৰ কৰে। বগলা শব্দটো ভল্গা (অৰ্থাৎ লাগাম) শব্দৰপৰা আহিছে, যিটো পিছলৈ ভগ্লা আৰু শেষত বগ্লা হয়।[1] দেৱীৰ ১০৮টা বেলেগ বেলেগ নাম আছে। কিছুৱে তেওঁক ১১০৮টা নামেৰে আহ্বান কৰে।[2] বগলামুখীক উত্তৰ ভাৰতত সাধাৰণতে পীতাম্বৰী মা বোলা হয়, গোঁসানীৰ ৰং সাধাৰণতে হালধীয়া বা সোণালী। দেৱীয়ে বগলীত আৰোহণ কৰে, যি একাগ্ৰতা আৰু পাণ্ডিত্যৰ প্ৰতীক।
বগলামুখী | |
---|---|
যিগৰাকী দেৱীয়ে শত্ৰুক পক্ষাঘাতগ্ৰস্থ কৰে | |
দহগৰাকী মহাবিদ্যা-ৰ সদস্য | |
সম্পৰ্ক | দেৱী, মহাবিদ্যা, আদিশক্তি, পাৰ্বতী,সতী, শিৱশক্তি |
নিবাস | হৰিদ্ৰা সৰোবৰ (Turmeric Ocean) |
মন্ত্ৰ | ॐ ह्लीं बगलामुखी सर्व दुष्टानां वाचं मुखं पदं स्तम्भय जिव्हां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा॥ |
অস্ত্ৰ | গদা |
আসন/বাহন | বগুলা বা সাৰস |
দেৱী বগলামুগী জ্ঞানী দেৱীসকলৰ দহটা ৰূপৰ এগৰাকী, যি প্ৰতাপী মহিলা পৌৰাণিক শক্তিক প্ৰতিনিধিত্ব কৰে।
বগলামুখীৰ মূল মন্দিৰ অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু হিমাচল প্ৰদেশৰ কাংগ্ৰাত আছে।
বিভিন্ন গ্ৰন্থত দেৱীৰ দুটা ৰূপৰ বৰ্ণনা আছে; দ্বি-ভুজা (দুখন হাতৰ) আৰু চতুৰ্ভুজা (চাৰিখন হাতৰ)। দ্বি-ভুজাৰ চিত্ৰণ সাধাৰণ, তেওঁক সাধাৰণতে সৌম্যা বা শীতলা ৰূপে বৰ্ণনা কৰা হয়। এইগৰাকী দেৱীয়ে সোঁহাতত এটা গডা লৈ এটা অসুৰক প্ৰহাৰ কৰি থাকে আৰু বাঁওহাতেৰে অসুৰৰ জিভাখন টানি উলিয়াই আনে। দেৱীৰ এই ছবিৰ ব্যাখ্যা কৰিলে ইয়াক স্তম্ভনৰ প্ৰদৰ্শনীৰ লগত ৰিজাব পাৰি, যি শক্তিৰে শত্ৰুক শান্ত বা পক্ষাঘাতগ্ৰস্থ কৰিব পাৰে। শত্ৰুক নিষ্ক্ৰিয় কৰাৰ বৰদান লভিবৰ বাবেই বগলামুখীৰ ভক্তসকলে তেওঁক উপাসনা কৰে।
বগলামুখীক কল্যাণী বুলিও কোৱা হয়। তেওঁ পীতাম্বৰাদেৱী, শত্ৰুবুদ্ধিবিনাশিনী আৰু ব্ৰহ্মাস্ত্ৰ ৰূপিনী নামেৰেও জনাজাত।
কিঞ্চলেৰ অনুবাদ মতে, বগলামুখী সেইগৰাকী যাৰ মুখ বগলী বা সাৰসৰ দৰে। কিন্তু বগলামুখীক কাচিৎহে বগলীৰ মূৰীয়া বা বগলীৰে সৈতে চিত্ৰিত কৰা হৈছে।[3]
অন্য এক কাহিনী মতে, বগলামুখী ভল্গামুখী শব্দৰ অপভ্ৰংশ। ভল্গা মানে লেকাম বা বিত। ঘোঁৰাৰ লেকামৰ দৰে যিডাল ঘোঁৰাক বশ কৰিবলৈ ইয়াৰ মুখত বন্ধা হয়। বগলামুখীয়ে শত্ৰুক বশ কৰাৰ শক্তি দিয়ে।[3] অৰ্থাৎ বগলামুখী সেইগৰাকী যাৰ চেহেৰাত শত্ৰুক নিয়ন্ত্ৰণ বা বশীভূত কৰাৰ ক্ষমতা আছে।[4]
এক অন্য ব্যাখ্যা মতে, ভল্গা মানে পক্ষাঘাতগ্ৰস্থ কৰা বা স্তম্ভন কৰাৰ ক্ষমতা।[5]
বগলামুখী হালধীয়া ৰঙৰ সৈতে যুক্ত। তেওঁ হালধীয়া বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰে। হালধীয়া ৰঙটো বগলামুখী পূজাৰ এক অভিন্ন অংগ। বিভিন্ন গ্ৰন্থৰ মতে এই ৰং দেৱীৰ প্ৰিয়। হালধীয়া কাপোৰ পিন্ধি, হালধীয়া বস্ত্ৰৰ ওপৰত বহি হালধীয়া প্ৰসাদ আগবঢ়াই ভক্তই বগলাক আৰাধনা কৰে। হালধীয়া ৰঙে সূৰ্য, সোণ, পৃথিৱী, শস্য আৰু জুইক প্ৰতিনিধিত্ব কৰে, যাৰ অৰ্থ হ'ল শুভ, পৰিপূৰ্ণ আৰু বিশুদ্ধ। হালধীয়া হালধি বিবাহৰ সৈতে যুক্ত। হালধীয়াৰে যুক্ত বাবে দেৱী বগলামুখীক পীতাম্বৰা দেৱী বুলিও কোৱা হয়।[6]
অলৌকিক আৰু যাদুকৰী শক্তি প্ৰদায়নী ৰূপে বগলামুখীক পূজা কৰা হয়।
বগলামুখীৰ প্ৰশংসা অৰ্থে উচ্চাৰিত স্তোত্ৰৰ অৰ্থ এনেধৰণৰ – তোমাৰ মন্ত্ৰৰ প্ৰভাৱে সুবক্তা মূক হয়, ধনী দুখীয়ালৈ পৰিৱৰ্তিত হয়, বিধ্বংসী জুই নুমাই যায়, খঙাল মানুহৰ খং নাইকিয়া হয়, দুষ্ট শান্ত হয়, সক্ৰিয় মানুহ অকামিলা হয়, জ্ঞানী মুৰ্খ হয়, কৰুণাময়ী বগলামুখী তোমাক প্ৰণাম। [7][8]
কামাখ্যা মন্দিৰক তান্ত্ৰিক পূজা-পদ্ধতিৰ মূল কেন্দ্ৰ বুলি ধৰা হয়, য'ত দহগৰাকী মহাবিদ্যাৰ মন্দিৰ আছে।[9] কামাখ্যা মন্দিৰৰপৰা কেইশমান মিটাৰ আঁতৰত বগলা দেৱীৰ মন্দিৰ আছে। বগলা দেৱীৰ মূল মন্দিৰ কটলাৰ পাঠানকোট মণ্ডী, এন এইচ টুৱেণ্টিত আছে। লগতে উত্তৰত হিমাচল প্ৰদেশ, পঞ্জাবৰ মহিলাপুৰত, মধ্যপ্ৰদেশৰ আগ্ৰা মালৱা জিলা, তামিলনাডু,[10] কৰ্ণাটক আদি ভাৰতৰ বিভিন্ন ৰাজ্যত মা বগলাৰ মন্দিৰ আছে। নেপালৰ কাঠমাণ্ডুতো বগলা দেৱীৰ মন্দিৰ আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.