ফা-চিন
From Wikipedia, the free encyclopedia
ফা-চিন (আহোম: 𑜏𑜢𑜃𑜫, লাও: ສິ້ນ; থাই: ซิ่น, ผ้าซิ่น; টাই নুৱা: ᥔᥤᥢᥲ)[1] বা আহোম মেখেলা[2] হৈছে হাতেৰে নিৰ্মিত পৰম্পৰাগত টাই জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা মেখেলা। প্ৰায়ে ৰেচমৰ পৰা নিৰ্মিত এই মেখেলা লাও মহিলা, [3] আৰু থাই মহিলা (বিশেষকৈ উত্তৰ আৰু উত্তৰ-পূব থাই), অসম আৰু অৰুণাচল প্ৰদেশৰ আহোম আইতন, খাময়াং, ফাকে, টাই তুৰুং আদিমহিলাসকলে পিন্ধে। তুৰুংসকলে মহিলাই পিন্ধা মেখেলাখনক ’ন্বাপু’ বোলে৷ এওঁলোকৰ বেছিভাগ ফৈদৰে মেখেলা ক’লা ৰঙৰ বা ক’লাৰ লগত আন ৰঙ মিহলাই প্ৰস্তুত কৰা হয়৷ মেখেলা প্ৰস্তুত কৰোঁতে ক’লা ৰং থাকিবই৷ ক’লা ৰং এই জনগোষ্ঠীয় লোকৰ বৰ প্ৰিয়৷ ই এক প্ৰকাৰৰ দীঘলীয়া মেখেলা।[4] ইয়াৰ আৰ্হিই পিন্ধাজন কোন অঞ্চলৰ সেইটো সূচাব পাৰে। বৰ্তমানৰ থাইলেণ্ডত সাধাৰণতে বিশেষ অনুষ্ঠানত ফা চিন পিন্ধা হয়। কিন্তু লাওছত দৈনন্দিন জীৱনত সিনহবোৰ অধিক নিয়মিতভাৱে পৰিধান কৰা হয়। ইয়াৰ উৎপত্তি টাই জনগোষ্ঠীৰ পৰা (উদাহৰণস্বৰূপে টাই লাও, টাই বান্ধ, টাই লুৱে)। সিনহবোৰ অগণন ৰং, শৈলী আৰু আৰ্হিত পোৱা যায়, সাধাৰণতে স্কাৰ্ট বনোৱা অঞ্চল বা সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰে।