প্ৰাকৃতিক ৰবৰ
গছ আৰু লতা, বা লেটেক্সৰ ৰসৰ পৰা তৈয়াৰ কৰা স্বাভাৱিক ৰবৰ / From Wikipedia, the free encyclopedia
প্ৰাকৃতিক ৰবৰ (ইংৰাজী: Natural Rubber) গছ আৰু লতা, বা লেটেক্সৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ৰবৰ হৈছে জৈৱিক যৌগ আইচ'প্ৰিনৰ এক পলিমাৰ যাক ৰবৰ গছৰ বগা, ডাঠ, আঠাযুক্ত তৰল নিঃসৰণ হিচাপে নিষ্কাশন কৰা হয়।[1] বেছিভাগ প্ৰাকৃতিক ৰবৰ হেভিয়া ব্ৰাজিলিয়ানচিছৰ (Hevea braziliensis) বংশৰ গছৰ পৰা প্ৰাপ্ত কৰা হয়। এই গছৰ পৰা ওলোৱা ৰস প্ৰটিন, লিপিড আৰু ফচফ’লিপিডৰ এক জটিল মিশ্ৰণ।[2] প্ৰাকৃতিক ৰবৰ তৈয়াৰ কৰোতে গছৰ আঠাযুক্ত তৰলৰ সৈতে আন জৈৱিক যৌগৰ কম পৰিমাণে মিহলি কৰাও হ'ব পাৰে। ইয়াত পানীও থাকে। মালয়েছিয়া আৰু ইণ্ডোনেছিয়া হৈছে প্ৰাকৃতিক ৰবৰৰ দুটা সৰ্ববৃহৎ উৎপাদক। ৰবৰ গছৰ বাকলি কাটি পাত্ৰত ৰবৰৰ নিষ্কাশন সংগ্ৰহ কৰা হয়। পিছত, এই নিষ্কাশনটো পৰিশোধিত কৰা হয় আৰু বাণিজ্যিক প্ৰক্ৰিয়াকৰণৰ বাবে ৰবৰ প্ৰস্তুত কৰা হয়। ৰবৰ বহুতো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিয়নো ই অত্যন্ত প্ৰসাৰিত, স্থিতিস্থাপক আৰু জলৰোধী।