পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ভাৰত চৰকাৰৰ অধীনৰ মন্ত্ৰালয় / From Wikipedia, the free encyclopedia
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (ইংৰাজী: Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে। ভাৰতৰ বৰ্তমান পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৈছে হৰদীপ সিং পুৰী। মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ এই মন্ত্ৰালয়ৰ নেতৃত্ব গ্ৰহণ কৰিছে। এই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হৈছে ৰামেশ্বৰ তেলী। এম এম কুট্টি বৰ্তমান এই মন্ত্ৰালয়ৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰিছে।[2]
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, ক্ষেত্ৰাধিকাৰ ...
সংস্থাৰ ৰূপৰেখা | |
---|---|
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
বাৰ্ষিক বাজেট | ₹৪২,৯০১ কোটি (৬.০১ বিলিয়ন ডলাৰ) (২০২০-২১ আনুমানিক) [1] |
সংস্থাৰ কাৰ্যবাহী | হৰদীপ সিং পুৰী, কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী এম এম কুট্টি , সচিব |
ৱেবছাইট | mopng |
বন্ধ কৰক