পৃথিৱী (দেৱী)
From Wikipedia, the free encyclopedia
পৃথিৱী বা পৃথ্বী মাতা (সংস্কৃত: पृथ्वी, pṛthvī, অথবা पृथिवी, pṛthivī) হৈছে সংস্কৃত আৰু প্ৰায়সমূহ আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বাংলা ইত্যাদি) সমূহত আমাৰ গ্ৰহ পৃথিৱী সূচক নাম। ইয়াৰ লগতে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শাখাবিশেষত এগৰাকী দেৱীৰ নাম। সেই দেৱী ভূমি, ধাত্ৰী, ধৰিত্ৰী ইত্যাদি নামেৰেও পৰিচিত। বেদৰ ব্যাখ্যা অনুসৰি, তেওঁ ভগৱান বিষ্ণু বা দ্যুস পিতা(আকাশ পিতা)ৰ দাম্পত্যসংগী। অৱশ্যে, পৰৱৰ্তী পুৰাণসমূহত তেওঁ ভূমি নামেৰে বৰাহৰ দাম্পত্যসংগী হিচাপে বৰ্ণিত হৈছে।
পৃথিৱী | |
---|---|
ভূমিৰ দেৱী পৃথিৱী মাতা | |
দেৱনাগৰী | पृथ्वी |
সংস্কৃত লিপ্যন্তৰ | পৃথ্বী |
সম্পৰ্ক | দেৱী, ভূদেৱী, পঞ্চভূত |
নিবাস | দ্যুলোক (বৈকুণ্ঠ) |
গ্ৰহ | ধৰা, পৃথিৱী |
মন্ত্ৰ | ওঁম ভূমহায় নমঃ |
সঙ্গী | বিষ্ণু বা দ্যুস পিতা |
আসন/বাহন | গো, হস্তী |
পৃথিৱী মাতা ('বসুধা মাতৃ') হিচাপে তেওঁ দ্যুস পিতা ('পিতা অম্বৰ' / পিতা আকাশ)ৰ পৰিপূৰক।[1] ঋগবেদত পৃথিৱী আৰু আকাশক মৌলিকভাৱেই দ্যয়পৃথিৱী যুগ্ম শব্দযুগলেৰে পৰিচয় কৰোৱা হয়। [2][3] পৃথিৱী মাতৃ গোৰ সৈতে জড়িত। ভগৱান বিষ্ণুৰ এক অৱতাৰী ৰূপ পৃথুয়ে পৃথিৱীৰ গো ৰূপৰ পৰা দুগ্ধ আহৰণ কৰিছিল।
হিন্দু ধৰ্মীয় লোকাচাৰৰ সৈতে জড়িত প্ৰবল প্ৰভাৱৰ স্বত্বেও ইন্দোনেছিয়া দেশখনৰ ৰাষ্ট্ৰীয় ব্যক্তিৰূপান্তৰণত পৃথিৱী নামটো ব্যৱহৃত হয়। ইন্দোনেছীয় ভাষাৰ শব্দ-যুগল " ইবু পেৰটিৱি (Ibu Pertiwi)" সময়ে সময়ে প্ৰচলিত হৈ আহিছে।