পিএছএলভি-চি৩৭
From Wikipedia, the free encyclopedia
পিএছএলভি-চি৩৭ (ইংৰাজী: PSLV-C37) (কাৰ্ট'ছেট-২ উপগ্ৰহ শৃংখলা বুলিও কোৱা হয়) হৈছে পিএছএলভি আঁচনি যাৰ দ্বাৰা অভিলেখ সংখ্যক ১০৪টা উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়াৰ লগতে কক্ষপথত সংস্থাপনো কৰা হয়।[1] এই উপগ্ৰহসমূহ ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপন কৰে। ২০১৪ চনৰ ১৯ জুনত ৰাছিয়ান ৰকেটে উৎক্ষেপন কৰা ৩৭টা উপগ্ৰহ আৰু ২০১৩ চন ১৯ নৱেম্বৰত নাছাই উৎক্ষেপন কৰা ২৯টা উপগ্ৰহৰ অভিলেখ এই অভিযানে ভংগ কৰে।[2] এটা অভিযানতে ১০৪টা উপগ্ৰহ উৎক্ষেপন কৰি পিএছএলভি-চি৩৭ অভিযানে কেৱল এখন উৎক্ষেপন যানেৰে একেবাৰতে সৰ্বোচ্চ সংখ্যক উপগ্ৰহ উৎক্ষেপন কৰাৰ অভিলেখ স্থাপন কৰে।[3]
ক্ষিপ্ৰ তথ্য অভিযানৰ প্ৰকাৰ, নিয়ন্ত্ৰক ...
![]() Model of the PSLV rocket | |
অভিযানৰ প্ৰকাৰ | ১০৪টা উপগ্ৰহৰ উৎক্ষেপন |
---|---|
নিয়ন্ত্ৰক | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
ৱেবছাইট | ইছৰোৰ ৱেবছাইট |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
মহাকাশযান | ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপন যান |
মহাকাশযানৰ প্ৰকাৰ | প্ৰসাৰণশীল উৎক্ষেপন যান |
নিৰ্মাতা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
উত্ক্ষেপিত ভৰ | ৩,২০,০০০ কিলোগ্ৰাম (সাঁচ:Convert/lbs) |
পেলোড ভৰ | ১,৫০০ কিলোগ্ৰাম (সাঁচ:Convert/lbs) |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | 09:28:00, ফেব্ৰুৱাৰী ১৫, ২০১৭ (2017-02-15T09:28:00) (IST) |
ৰকেট | ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপন যান |
উৎক্ষেপণ স্থলী | শ্ৰীহৰিকোটা উৎক্ষেপন পৰিধি |
Contractor | ইছৰো |
Payload | |
ভৰ | ১,৫০০ কিলোগ্ৰাম (সাঁচ:Convert/lbs) |
ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপন যানৰ অভিযানসমূহ ← পিএছএলভি-চি৩৬ পিএছএলভি-চি৩৮ → |
বন্ধ কৰক
এই উৎক্ষেপনত ১.৫ কোটি আমেৰিকান ডলাৰ ব্যয় কৰা হৈছিল।[4]