পাৰঘাট (ইংৰাজী: Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত। এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।[1][2]

ক্ষিপ্ৰ তথ্য পাৰঘাট Parghat, পৰিচালক ...
পাৰঘাট
Parghat
পৰিচালক প্ৰবীণ ফুকন
প্ৰযোজক প্ৰমথ ৰাম দাস
সংগীত পৰিচালক গন্ধৰ্ব
প্ৰযোজনা
কোম্পানীসমূহ
ইন্দ্ৰপুৰী ষ্টুডিঅ', কলকাতা
মুক্তি
৫ আগষ্ট ১৯৪৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
বন্ধ কৰক

ছবিখনৰ কাহিনী

ছবিখনৰ কাহিনীভাগ ব্ৰিটিছৰ দিনৰ চোৰাং কানি বেপাৰৰ ওপৰত আধাৰিত। এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন আগতীয়া টিকট বুকিঙৰ ব্যৱস্থা থকা চলচ্চিত্ৰ।[3]

অভিনয়

  • চন্দ্ৰকান্ত ফুকন
  • প্ৰবীণ ফুকন
  • সৰ্বেশ্বৰ চক্ৰৱৰ্তী (মৌজাদাৰ)
  • যোগেন্দ্ৰনাথ বৰদলৈ (দোকানী)
  • ভুৱনেশ্বৰ বুজৰবৰুৱা (লগুৱা)
  • যোগেন্দ্ৰনাথ বৰকাকতি (কৃষ্ণ মণ্ডল)
  • জ্ঞানদা কাকতি
  • মলয়া দাস[1][2]

সঙ্গীত

পুৰুষোত্তম দাসে গন্ধৰ্ব নামেৰে পাৰঘাটৰ সঙ্গীত পৰিচালনা কৰিছিল।[4]

অধিক তথ্য ক্ৰমিক নং, গীতৰ শীৰ্ষক ...
ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
পুৱাৰে মলয়া মন জুৰণীয়া, হিয়া পৰি যায় শাঁতপুৰুষোত্তম দাসকমল চৌধুৰী, মলয়া দাস
সন্মুখত দেখি কলীয়া আন্ধাৰ, ভয় নাই তোৰ ভয় নাইপুৰুষোত্তম দাসদিলীপ শৰ্মা
কোন দূৰে দূৰে যায় ৰূপ জগতৰ ৰঙীন দিনৰসুদক্ষিণা শৰ্মা
তুমি জানো বুজা প্ৰিয় মোৰ হৃদয়ৰ শত বেদনাইপুণ্য প্ৰসাদ দুৱৰাজ্ঞানদা কাকতি
জেতুকা বোলেৰে বোলাম হাত লাৱণী, কেৰুৰে জিলিকাম কাণআনন্দিৰাম দাস
শেৱালিৰ পাহীটিৰে বুকুৰে কথাটি কবলৈ ভাষাটি নাই নাইসুদক্ষিণা শৰ্মা
কাৰ আকাশৰ ৰামধেনুখনি ক’তে বা লুকাইভূপেন হাজৰিকাভূপেন হাজৰিকা
কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্মভূপেন হাজৰিকাভূপেন হাজৰিকা, পুৰুষোত্তম দাস
বন্ধ কৰক

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.