From Wikipedia, the free encyclopedia
পাটকাই (ইংৰাজী: Patkai) হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পৰ্বতমালা[2]। ই জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা এক অঞ্চল। কেইবাটাও জনগোষ্ঠীয়েও এই অঞ্চলত বসবাস কৰে। পাটকাই পৰ্বত অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে। পাটকাই পৰ্বতৰ পৰাই অসমৰ বুঢ়ীদিহিং আৰু নদিহিং নদীৰ উৎপত্তি হৈছে। নদিহিং নদী মিছিমি আৰু পাটকাইৰ পৰ্বতৰ সংযোগস্থলীৰ পৰা প্ৰথমে ডিয়োম নাম লৈ বৈ আহিছে। পাটকাইৰ পৰা ওলোৱা আনকেইখন নদী হ’ল নামফুক, টিৰাপ, আৰু দিবাং বা দিল্লি নৈ। ইয়াৰ ওপৰিও পাটকাইৰ মিছিমি পৰ্বত শ্ৰেণীৰ পৰা আৰু ভালেমান নৈ উপনৈ ওলাই অৰুণাচল হৈ অসমলৈ প্ৰবাহিত হৈছে।
পাটকাই পৰ্বতমালা | |
---|---|
পাংচাউ গিৰিপথৰ পৰা পাটকাই পৰ্বতৰ দৃশ্য | |
উচ্চতম শিখৰ | |
শৃংগ | Mount Saramati[1] |
উচ্চতা | 3,826 মিটাৰ (12,552 ফুট) |
স্থানাংক | 27°0′N 96°0′E |
পৰিধি | |
নামকৰণ | |
ভৌগোলিক বিৱৰণ | |
অৱস্থান | ভাৰত, ম্যানমাৰ |
ভূতত্ত্ব | |
পৰ্বতাৰোহন |
পাটকাই পৰ্বত বিশ্বৰ অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই। পাটকাই হ’ল আন্তৰ্জাতিক প্ৰব্ৰজনৰ অন্যতম গিৰিপথ। চীনৰ য়ুন্নান প্ৰদেশৰ পৰা মধ্য তথা পশ্চিম ভাগৰ পৰা ভাৰতবৰ্ষলৈ চলা বিশ্বৰ অন্যতম প্ৰধান ৰেচম পথটো পাটকাই ওপৰেৰেই প্ৰতিষ্ঠিত হৈছিল। পাটকাইৰ ওপৰেৰে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গাড়ী যাব পৰাকৈ ষ্টিলৱেল পথ নিৰ্মাণ কৰা হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]। অসমৰ ৰাজনৈতিক ইতিহাসৰ সৈতে এই পাটকাই সম্পৰ্ক সুগভীৰ। চীনৰ য়ুন্নান অঞ্চলত অৱস্থিত মং মাও ৰাজ্যৰ পৰা অহা চাওলুং চুকাফাই পাটকাই পাৰ হৈ অসমত আহোম ৰাজ্য প্ৰতিস্থা কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]। আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পাটকাই গিৰিপথেদি মান সকল আহিছিল। এই গিৰিপথেদিয়েই ভালেমান জনগোষ্ঠীৰ লোক যেনে- চিংফৌ, তাংছা, নক্তে আদিয়ে অসমলৈ প্ৰব্ৰজিত হৈছিল। কেইবাখনো সৰু সৰু জনজাতীয় ৰাজ্য পাটকাই পাদদেশত স্থাপিত হৈছিল। প্ৰথম তেলৰ পুং আৰু কয়লাৰ খনি পাটকাই পাদদেশতে উদঘাটিত হৈছিল।
এই অঞ্চল জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ বাবে জনা যায়। অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত। এই ৰাষ্ট্ৰীয় উদ্যানত বৰফৰ বাঘ আৰু ঢেঁকীয়াপতীয়া বাঘ একেলগে পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] পৰ্বতৰ টিঙত বৰফৰ বাঘ আৰু সমুদ্ৰপৃষ্ঠৰ কিছু উচ্চতাৰ অৰণ্যত ঢেঁকীয়াপতীয়া বাঘ বাস কৰে। বিজ্ঞানী সকলে প্ৰকাশ পৰা এক গৱেষণা পত্ৰৰ অনুযায়ী নামদফা অঞ্চলতেই ১৩ প্ৰকাৰৰ কেঁচু, ৫ প্ৰকাৰৰ জোক, ৪৩০ প্ৰকাৰৰ পতংগ, ১৪০ প্ৰকাৰৰ পখিলা, ৭৬ প্ৰকাৰৰ মাছ, ২৫ প্ৰকাৰৰ চৰাই পোৱা যায়[উদ্ধৃতিৰ প্ৰয়োজন]।
পাটকাই পৰ্বতমালাত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে বসবাস কৰি আহিছে। এই জনগোষ্ঠীসমূহৰ জীৱন, সমাজ আৰু পৰম্পৰাগত সংস্কৃতি প্ৰাকৃতিক অৱস্থাৰ বাবে বিপন্ন হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] ইতিমধ্যে পাটকাই অঞ্চলত বসবাস কৰা কেইবাটাও জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষা হেৰুৱাইছে। নগাভূমিৰ ওপৰিও অৰুণাচল প্ৰদেশৰ বৃহৎ অংশ এটা পাটকাই পৰ্বতৰ অন্তৰ্গত। পাটকাইত থকা নগাগোষ্ঠীসকলৰ লগতে অৰুণাচলৰ ভালেমান জনগোষ্ঠীয়ে এই পৰ্বতত বাস কৰে। খামতি, চিংফৌ, টাংছা[3], টুটছা, নক্টে, ৱাংচু[4] লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য জনজাতি। এই প্ৰধান জনজাতি সকলৰ আকৌ ভালেমান উপজনজাতি আছে। টাংছা জনগোষ্ঠীটোৰেই ১৮ টা উপজনগোষ্ঠী আছে। টাংছা উপজনগোষ্ঠীবোৰ হ’ল লুংছা, ৰংৰেং, টংগলিম, নামফাং, জুগলি, লংছিং[উদ্ধৃতিৰ প্ৰয়োজন]।
Seamless Wikipedia browsing. On steroids.