নৱগ্ৰহ
From Wikipedia, the free encyclopedia
নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে।[1] এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,সংস্কৃত: नव ) আৰু "গ্ৰহ" (সংস্কৃত: ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ। ভাৰতীয় জ্যোতিৰ্বিদ্যাত ভূদেৱী (পৃথিৱী), ইউৰেনাচ আৰু নেপচুনক নটা গ্ৰহৰ এটা তালিকাত অন্তৰ্ভুক্ত কৰা নহয়।[2] ভাৰতীয় সংস্কৃতিৰ সপ্তাহৰ সাত দিনৰ নাম সমূহো এই নৱগ্ৰহৰ নামেৰে সংযুক্ত। ঠাইভেদে ভাৰতত এই সাত বাৰৰ নামৰ কিছু পাৰ্থক্য আছে।