![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Nellie_McClung.jpg/640px-Nellie_McClung.jpg&w=640&q=50)
নেলী মেকক্লুং
From Wikipedia, the free encyclopedia
নেলী লেটিচিয়া মেকক্লুং ( ইংৰাজী : Nellie Letitia McClung ; জন্ম: ২০ অক্টোবৰ ১৮৭৩ – ১ ছেপ্টেম্বৰ ১৯৫১) আছিল এগৰাকী কানাডাৰ লেখিকা, ৰাজনীতিবিদ আৰু সমাজ কৰ্মী, যাক কানাডাৰ অন্যতম বিশিষ্ট ভোটাধিকাৰী হিচাপে গণ্য কৰা হয়। ১৯০৮ চনত ' ছয়িং ছিডছ ইন ডেনি' নামৰ কিতাপখনৰ জৰিয়তে লিখাৰ কাম আৰম্ভ কৰে আৰু অৱশেষত দুখন আত্মজীৱনীকে ধৰি ষোল্লখন কিতাপ প্ৰকাশ কৰে। কানাডাৰ মহিলা ভোটাধিকাৰ আন্দোলনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল, ১৯১৬ চনত আলবাৰ্টা আৰু মেনিটোবাত মহিলাসকলক ভোটদান কৰাত সহায় কৰিছিল।১৯২১ চনত মেকক্লুঙে আলবাৰ্টাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯২৬ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।[1]
নেলী মেকক্লুং | |
---|---|
![]() | |
এডমন্টনৰ বাবে আলবাৰ্টাৰ বিধানসভাৰ সদস্য | |
কাৰ্যকাল ১৮ জুলাই ১৯২১ (1921-07-18) – ২৮ জুন ১৯২৬ (1926-06-28) | |
উত্তৰসূৰী | জন লিমবাৰ্ন, চাৰ্লছ ৱেভাৰ, চাৰ্লছ গিবছ, ৱাৰেন প্ৰেভি আৰু ডেভিড ডুগান |
ব্যক্তিগত তথ্য | |
জন্ম | নেলী লেটিচিয়া মুনী ২০ অক্টোবৰ, ১৮৭৩ চেটছৱৰ্থ, অন্টাৰিঅ', কানাডা |
মৃত্যু | ১ ছেপ্টেম্বৰ, ১৯৫১ (৭৭ বছৰ) ভিক্টোৰিয়া, ব্ৰিটিছ কলম্বিয়া, কানাডা |
ৰাষ্ট্ৰীয়তা | কানাডিয়ান |
ৰাজনৈতিক দল | লিবাৰেল |
দাম্পত্যসঙ্গী | Robert Wesley McClung (বি. ভুল: অযোগ্য সময়) |
সন্তান | ৫ |
পেচা | ৰাজনীতিবিদ, লেখক |
প্ৰখ্যাত | নাৰী অধিকাৰ কৰ্মী |
বিখ্যাত পাঁচজনৰ সদস্য হিচাপে তেওঁ আছিল পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী যিয়ে মহিলাসকলৰ কানাডাৰ চেনেটত কাৰ্যনিৰ্বাহ কৰাৰ অধিকাৰৰ বাবে প্ৰথমে কানাডাৰ উচ্চতম ন্যায়ালয়লৈ, আৰু তাৰ পিছত প্ৰাইভি কাউন্সিলৰ ন্যায়িক সমিতিলৈ লৈ গৈছিল । ১৯৩৬ চনত কানাডাৰ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনৰ ব’ৰ্ডত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা আছিল মেকক্লুং। ১৯৩৮ চনত ছুইজাৰলেণ্ডৰ জেনেভাত লীগ অৱ নেচনছৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।